NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আগ্ৰাসন বন্ধ নহ’লে বাণিজ্য নহ’ব : দুই ৰাষ্ট্ৰক যুদ্ধ বিৰতিত সৈমান কৰাবলৈ কি কি কৈছিল ড’নাল্ড ট্ৰাম্পে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 13, 2025 2:39 pm

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইতিমধ্যে বিশ্ববাসীক এই বাৰ্তা দিছে যে ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিসিদ্ধান্ত লৈছে। এতিয়া ভাৰত-পাক যুদ্ধৰ মাজতে তেওঁ দুয়োখন দেশৰ সৈতে আলোচনা কৰা কথাবোৰ উন্মোচন কৰিছে।

ট্ৰাম্পে কৈছে, আমি আপোনালোকৰ লগত বহু ব্যৱসায় কৰিছো, ভৱিষ্যতেও কৰি যাম। যুদ্ধ বন্ধ কৰক। যুদ্ধ বন্ধ নহলে বাণিজ্য নহব।”

লগতে ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্তৰ উত্তেজনাৰ অন্ত পেলোৱাত আমেৰিকাই মুখ্য ভূমিকা পালন কৰিছে।

শনিবাৰে ট্ৰাম্পে ছচিয়েল মিডিয়াত লিখিছিল যে দুয়োখন দেশে সম্পূৰ্ণ যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। তাৰ কেইঘণ্টামানৰ পাছত ভাৰতৰ বৈদেশিক সচিবে স্পষ্ট কৰি দিয়ে যে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰিছে।

ঠিক পিছদিনা অৰ্থাৎ দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত আন এটা গুৰুত্বপূৰ্ণ পোষ্ট দিয়ে। তেওঁ ভাৰত আৰু পাকিস্তানক যুদ্ধত নহয়, বাণিজ্যত লিপ্ত হবলৈ আহ্বান জনায়। লগতে ট্ৰাম্পে কয় যে তেওঁ দুয়োখন দেশৰ সৈতে কাম কৰিব বিচাৰে।

চিয়েল মিডিয়াত ভাৰত আৰু পাকিস্তানৰ নেতৃত্বক প্ৰশংসা কৰি ট্ৰাম্পে লিখিছে, “দুয়োখন দেশৰ নেতৃত্বই বুজি পাইছে যে আগ্ৰাসন বন্ধ কৰাৰ সময় আহি পৰিছে, যিয়ে আৰু অধিক মৃত্যু আৰু ধ্বংসৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন।

এই সিদ্ধান্তত উপনীত হোৱাত আমেৰিকাই দুয়োখন দেশক সহায় কৰা বুলিও সোঁৱৰাই দিয়ে। ইয়াৰ পিছত ট্ৰাম্পে লিখিছে, “যদিও কোনো আলোচনা হোৱা নাই, তথাপিও মই এই দুয়োখন দেশৰ সৈতে বাণিজ্য যথেষ্ট বৃদ্ধি কৰিবলৈ ওলাইছো।পোষ্টটোৰ একেবাৰে শেষত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে লিখিছে, “মই দুয়োখন দেশৰ সৈতে কাম কৰি যাম যাতে দীৰ্ঘদিনীয়া কাশ্মীৰসমস্যাৰ সমাধান হয়।”