NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

আগৰতলাত ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা, এজনক গ্ৰেপ্তাৰ

Posted by: পিনাকী দাস June 26, 2018 1:17 pm
GANJA-678x381

এক নিৰ্ভৰ যোগ্য গোপন সূত্ৰৰ পম খেদি সোমবাৰে সন্ধিয়া ৰাজধানী এক্সপ্ৰেছৰ পৰা আগৰতলা ৰে’লৱে আৰক্ষীয়ে ৫০ কিলোগ্ৰাম শুকান গাঞ্জা সহিতে এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আগৰতলা ৰে’ল ষ্টেশ্যনৰ ৰে’লৱে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জনোৱা অনুসৰি এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে ৰাজধানী এক্সপ্ৰেছখনত অভিযান চলাই আঠটা পেকেটৰ পৰা ৫০ কেজি ওজনৰ গাঞ্জাৰ সৈতে উৰিষ্যাৰ লগন কুমাৰ চেঠী নামৰ সৰবৰাহকাৰী এজনক গ্ৰেপ্তাৰ কৰে।

আনহাতে লগন কুমাৰৰ সহযোগী অমিত কুমাৰ সিঙে আৰক্ষীৰ এই অভিযানৰ খবৰ আগতীয়াকৈ লাভ কৰাত ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হোৱা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

ৰে’লৱে আৰক্ষীৰ ইন্সপেক্টৰ সৌৰভ দাসগুপ্তাৰ নেতৃত্বত চলা এই অভিযানত তেওঁক সহযোগ কৰে সুদীপ কৰে। অভিযানকাৰী দলটোৱে এক্সপ্ৰেছখনেৰে নতুন দিল্লীলৈ যাত্ৰা কৰা যাত্ৰীসকলৰ বেগসমূহ পৰীক্ষা কৰাৰ সময়তে উক্ত গাঞ্জাখিনি জব্দ কৰে।

জানিব পৰা মতে বৰ্তমান আটকাধীন গাঞ্জা সৰবৰাহকাৰীজনক তেওঁলোকৰ দলটোৰ সবিশেষ তথ্য বিচাৰি জেৰা অব্যাহত ৰাখিছে।

আনহাতে খোৱাই আৰক্ষীয়েও সোমবাৰে সন্ধিয়া এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত মোহনবাৰী অঞ্চলৰ পৰা ব্ৰাউন ছুগাৰ আৰু নিচাজাতীয় টেবলেটৰ সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে ত্ৰিপুৰাৰ নৱনিৰ্বাচিত চৰকাৰখনে ৰাজ্যখনক নিচাযুক্ত ঔষধৰ পৰা মুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে যাৰ ফলত এনেদৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।