NORTHEAST NOW (Assamese)

আগৰতলা বিমানবন্দৰক মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰ বিমানবন্দৰ হিচাপে নামাকৰণ

July 4, 2018 5:48 pm · এন ই নাও নিউজ
আগৰতলা বিমানবন্দৰ

ত্ৰিপুৰাৰ আগৰতলা বিমানবন্দৰক মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰ বিমানবন্দৰ হিচাপে নতুনকৈ নামাকৰণ কৰা হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে বিমানবন্দৰটোক নতুনকৈ নামাকৰণ কৰাৰ ক্ষেত্ৰত আজি অনুমোদন জনায়।

ত্ৰিপুৰাৰ জনসাধাৰণ আৰু ৰাজ্য চৰকাৰে মহাৰাজা বীৰ বিক্ৰম মাণিক্য কিশোৰক শ্ৰদ্ধা জনাই তেওঁৰ নামেৰে বিমানবন্দৰটো নামাকৰণ কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে ১৯২৩ চনৰ পৰা ১৯৪৭ চনলৈ বিক্ৰম মাণিক্য কিশোৰে ত্ৰিপুৰাৰ ৰজা হিচাপে শাসনভাৰ চলাইছিল। ১৯৪২ চনত আগৰতলা বিমানবন্দৰটো তেওঁ দান দিয়া ভূমিত নিৰ্মাণ কৰা হৈছিল।

Related News