NORTHEAST NOW (Assamese)

আগৰতলা ৰে’ল ষ্টেশ্যনত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ ৰে’লৱে আৰক্ষীৰ

July 29, 2018 9:34 am · পিনাকী দাস

ত্রিপুৰাৰ পৰা চোৰাংভাবে গাঞ্জাকে ধৰি বিভিন্ন ধৰণৰ নিষিদ্ধ মাদক দ্ৰব্যৰ সৰবৰাহ চলি আছে। আৰক্ষীয়ে চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে তীক্ষ্ণ দৃষ্টি ৰাখিছে যদিও তাৰ মাজতে অব্যাহত আছে গাঞ্জা তথা অন্য নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায়। পুনৰ তাকেই প্ৰমাণ কৰিলে আগৰতলা ৰে’লৱে পুলিচে।

শনিবাৰে সন্ধিয়া নিয়মীয়া তালাচীৰ সময়ত আগৰতলা ৰে’লৱে ষ্টেশ্যনৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৩০ কিলোগ্ৰাম গাঞ্জা।

ৰে’লৱে আৰক্ষীৰ বিষয়া ইন্দ্ৰজিৎ সিনহাই জানিবলৈ দি কয় যে কালি সন্ধিয়া আমাৰ এটা দলে এক বিশেষ অভিযান চলাওতে আগৰতলা ষ্টেশ্যনৰ ১ নং প্লেটফৰ্মৰ পৰা দুটা বেগত উক্ত ৩০ কেজি গাঞ্জা উদ্ধাৰ হয়। জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় তিনি লাখমান টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি কয় যে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি হাবিবগঞ্জ এক্সপ্ৰেছৰ জৰিয়তে ৰাজ্যৰ বাহিৰলৈ সৰবৰাহৰ প্ৰচেষ্টা চলাইছিল যদিও আৰক্ষীৰ অভিযানৰ উমান পাই সৰবৰাহকাৰী কেইজন নিৰ্দিষ্ট স্থানতে গাঞ্জাভৰ্তী বেগ দুটা এৰি ষ্টেশ্যনৰ পৰা আঁতৰি যায়।

উল্লেখ্য যে এই অভিযানৰ সময়ত গাঞ্জা সৰবৰাহৰ লগত জড়িত কোনো লোককে এতিয়ালৈ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে।

Related News