NORTHEAST NOW (Assamese)
অসম

আজিৰেপৰা খৈৰাবাৰীত আৰম্ভ হৈছে ভেৰগাঁও জিলা বি পি এফৰ দ্বিতীয় যুৱ মহোৎসৱ

Posted by: এন ই নাও নিউজ April 7, 2018 11:10 am
Bodo-Kachari Tribes

খৈৰাবাৰীৰ  মগীৰংগ সভাকক্ষত তিনিদিনীয়া কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে ভেৰগাঁও জিলাৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন আৰু দ্বিতীয় বাৰ্ষিক যুৱ মহোৎসৱ। এই উপলক্ষে মংগল বড়োক সভাপতি, প্ৰদীপ কুমাৰ ৰামচিয়াৰীক সম্পাদক ৰূপে লৈ এখন আদৰণী সমিতি গঠন কৰা হৈছে।

কাৰ্যসূচী অনুসৰি আজি পুৱা ৯ বজাত ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে জিলা ক্ৰীড়া বিষয়া ভূপেন ৰাভাই।

দেওবাৰে পুৱা ৮ বজাত দলীয় পতাকা উত্তোলন কৰিব কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়োৱে। ৮.৩০ বজাত শ্বহীদ তৰ্পণ অনুষ্ঠানত মুখ্য তৰ্পকৰূপে অংশ গ্ৰহণ কৰিব ভেৰগাঁও জিলা বি পি এফৰ উপ-সভাপতি প্ৰেমধৰ বড়োৱে।

দেওবাৰেই পুৱা ৯ বজাত সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰিব ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই। ৯-১৫ বজাত ক্ৰীড়া প্ৰতিযোগিতা, ১২ বজাত বাছনি সভা, ৭ বজাত সাংস্কৃতিক প্ৰতিযোগিতাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সামৰণি পৰিব।

সোমবাৰে তৃতীয় দিনা পুৱা ভলীবল প্ৰতিযোগিতাৰ পিছত দিনৰ ১০ বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বি টি চিৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে। দুপৰীয়া ১২ বজাত মহেশ্বৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভা উদ্বোধন কৰিব বি টি চিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীয়ে।

মুকলি সভাত বি টি চি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে মুখ্য  অতিথি ৰূপে অংশগ্ৰহণ কৰিব। ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ৰিহণ দৈমাৰী, কাৰ্যবাহী সদস্য বনজাৰ দৈমাৰী, বিধায়িকা কমলী বসুমতাৰীকে ধৰি কেইবাগৰাকীও বি পি এফ নেতা কৰ্মীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিব।