NORTHEAST NOW (Assamese)

আজিৰে পৰা শক্তিপীঠ কামাখ্যাধামত মহা অম্বুবাচী মেলা : দেশী-বিদেশী ভক্তৰ সমাৱেশ

June 22, 2018 1:06 pm · এন ই নাও নিউজ
অম্বুবাচী মেলা উপলক্ষে কামাখ্যাত সাধু-ভক্তৰ সমাৱেশ। ফটো : ইউ বি

আজিৰে পৰা শক্তিপীঠ কামাখ্যাধামত অম্বুবাচী মেলা আৰম্ভ হৈছে। মা কামাখ্যাৰ আশিস ল’বলৈ দেশ–বিদেশৰ লাখ লাখ ভক্তই নীলাচলত আহি ভিৰ কৰিছেহি। তন্ত্ৰ সাধনাৰ বৰ্ণিল ৰহস্যৰ সন্ধান বিচাৰি উপস্থিত হৈছেহি সাধু-সন্ন্যাসীৰ দল। আধ্যাত্মিকতাই বিৰাজ কৰা নীলাচল পাহাৰৰ বুকুত আৰম্ভ হৈছে শক্তি বন্দনাৰ বিশাল আয়োজন।

আজি নিশা ৯ বাজি ২৭ মিনিট ৫৪ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি আৰু অহা ২৬ জুনৰ পুৱা ৭ বাজি ৫১ মিনিট ৫৮ ছেকেণ্ডত নিবৃত্তি হ’ব। আজি বিয়লি ৪ বজাৰ পৰা ২৬ জুনৰ বিয়লি ৪.৩০ বজালৈ কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকিব। ২৬ জুনৰ বিয়লি দেৱীৰ পূজা–স্নানৰ পিছত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব।

অম্বুবাচী মেলা উপলক্ষে কামাখ্যাত বিদেশী ভক্ত। ফটো : ইউ বি

উল্লেখযোগ্য যে বৃহস্পতিবাৰে সোণাৰাম খেলপথাৰত অম্বুবাচী মেলাৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এইবাৰ অম্বুবাচী মেলা উপলক্ষে প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। দেৱালয়ৰ আশে-পাশে অস্থায়ী শিবিৰসমূহ স্থাপন কৰা হৈছে।

অম্বুবাচী মেলাৰ বাবে দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা ১৫০জন স্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে। ৪০০ জন স্কাউট গাইড, ৫০ জন এন চি চি, ৪০০ জন স্বেচ্ছাসেৱকৰ লগতে ১৫০জন অস্থায়ী সুৰক্ষা কৰ্মীকো নিয়োগ কৰা হৈছে।

মেলাৰ সময়ছোৱাত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ২০০ জন অতিৰিক্ত চাফাই কৰ্মী নিয়োগ কৰা হৈছে। সুৰক্ষাৰ বিভিন্ন দিশৰ সুবিধাৰ বাবে ৪০০ চি চি টিভি কেমেৰা স্থাপন কৰা হৈছে।

অহা ২৬ জুনৰ পৰা দৰ্শনাৰ্থীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বংশী বাগানত অস্থায়ী জিৰণি চ’ৰা, চিকিৎসা সেৱাৰ ব্যৱস্থাৰ লগতে দৰ্শনাৰ্থীৰ বাবে প্ৰস্ৰাৱগাৰ আৰু খোৱাপানীৰ ব্যৱস্থা ৰখা হ’ব।

মহাযোগৰ সময়ত স্বেচ্ছাসেৱকসকলৰ লগতে আৰক্ষী-প্ৰশাসনৰ লোককো খাদ্যৰ যোগান ধৰা হ’ব। জিৰণি চ’ৰা, খোৱা পানী, জোতা-চেণ্ডেল ৰখাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে।

ভক্তসকলৰ বাবেও ৫টা শিবিৰ স্থাপন কৰা। নাহৰবাৰী, বৰিপাৰা, কামাখ্যা ষ্টেশ্যন, ফাঁচী বজাৰ আৰু পাণ্ডুত শিবিৰ স্থাপন কৰা হৈছে।

আনহাতে, ২২ জুনৰ পৰা ৩০ জুনলৈ কামাখ্যা মন্দিৰত বিশেষ টিকটৰ ব্যৱস্থা বন্ধ ৰখা হ’ব। তদুপৰি, ২৬ আৰু ২৭ জুনত ৫০১ টকাৰ টিকটো বন্ধ থাকিব।

Related News