NORTHEAST NOW (Assamese)
ক্ৰীড়া

আজি আই লীগ ফুটবল প্ৰতিযোগিতাত শ্বিলং লাজঙৰ সন্মুখত আইজল এফ চি

Posted by: এন ই নাও নিউজ February 19, 2018 4:39 pm
File photo

আজি আই লীগ ফুটবল প্ৰতিযোগিতাৰ এখন হাইভল্টেজ মেচত সমুখ সমৰত নামিব উত্তৰ-পূবৰ দুই শক্তিশালী দল শ্বিলং লাজং এফ চি আৰু যোৱাবাৰৰ চেম্পিয়ন দল আইজল এফ চি। আজিৰ গুৰুত্বপূৰ্ণ মেচখন অনুষ্ঠিত হ’ব শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত।

উল্লেখ্য যে শ্বিলং লাজং আৰু আইজল এফ চিয়ে ১৮ পইণ্টৰে প্ৰতিযোগিতাখনৰ পইণ্ট তালিকাত ক্ৰমে পাঁচ নম্বৰ আৰু ছয় নম্বৰ স্থানত আছে। আজিৰ মেচখনত কোন দলে বিজয়ৰ শেষ হাঁহি মাৰি তিনি পইণ্ট দখল কৰে সেয়া লক্ষ্যণীয় হ’ব।

মন কৰিবলগীয়া যে আইজল এফ চিয়ে যোৱা মেচত ইণ্ডিয়ান এৰোজৰ সৈতে খেলা মেচখন ড্ৰ ৰূপে সমাপ্ত হৈছিল।

‘আমি শ্বিলং লাজঙক সহজভাবে নলও কিয়নো তেওঁলোক যথেষ্ট ভাল দল’, মেচৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰকাশ কৰে আইজলৰ নৱ নিযুক্ত প্ৰশিক্ষক সন্তোষ কুমাৰে।

তেওঁ লগতে কয়, ‘আমাৰ দলে মেচখনত পিছ হুহুকি নাথাকে আৰু দলে মেচখনৰ পৰা তিনিপইণ্ট সংগ্ৰহৰ বাবে যথেষ্ট কষ্ট কৰিব’।

আনহাতে সংবাদকৰ্মীয়ে জলবায়ু সম্পৰ্কত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘আইজলৰ জলবায়ুৰ সৈতে শ্বিলঙৰ জলবায়ু, পৰিৱেশ আৰু খেলা পদ্ধতিও প্ৰায় একে। সেয়ে মেচখনত আমি ক’ৰবাত পিছ পৰি ৰম বুলি মই নাভাবো’।

ইফালে ঘৰুৱা দল শ্বিলং লাজঙৰ বাবেও আজিৰ মেচখন অতিশয় গুৰুত্বপূৰ্ণ। দলটোৱে আইজল এফ চিক পৰাজিত কৰি সম্পূৰ্ণ তিনিপইণ্ট অৰ্জন কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে দলটোৰ কৰ্তৃপক্ষই।

উল্লেখ্য যে প্ৰতিযোগিতাখনত ইয়াৰ পূৰ্বে খেলা মেচত শ্বিলং লাজঙে আইজল এফ চিৰ ঘৰৰ মাটিত ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰিছিল। সেয়ে আজিৰ মেচখন অতি ৰোমাঞ্চকৰ হ’ব বুলি ফুটবল প্ৰেমীয়ে ধাৰণা কৰিছে।