NORTHEAST NOW (Assamese)
অসম

আজি গুৱাহাটীত নৰ্থ-ইষ্ট ইউনাইটেডৰ বিপক্ষে কেৰেলা ব্লাষ্টাৰ্ছ

Posted by: এন ই নাও নিউজ February 17, 2018 8:09 am
NEUFC vs Kerela Blasters File Photo

চলিত হিৰো ইণ্ডিয়ান ছুপাৰ লীগ(আই এছ এল) ফুটবল প্ৰতিযোগিতাত আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত ঘৰুৱা নৰ্থ-ইষ্ট ইউনাইটেডে প্ৰতিদ্বণ্ডিতা কৰিব কেৰেলা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে।

উল্লেখ্য যে নৰ্থ-ইষ্টে প্ৰতিযোগিতাখনত অতি নিম্নমানৰ প্ৰদৰ্শন কৰি ইতিমধ্যে প্লে’ অফৰ দৌৰৰ পৰা বাহিৰ হৈছে। যদিও আজিৰ খেলখন ঘৰুৱা দলটোৰ বাবে গুৰুত্বহীন তথাপিও দলটোৰ আত্মবিশ্বাস ঘূৰাই অনাৰ স্বাৰ্থত বিজয় অতিকৈ জৰুৰী।

কিন্তু কেৰেলা ব্লাষ্টাৰ্ছৰ বাবে আজিৰ মেচখন অত্যন্ত গুৰুত্বপূৰ্ণ। কিয়নো প্লে’ অফৰ আশা সজীৱ কৰি ৰাখিবলৈ দলটোক প্ৰয়োজন তিনিপইণ্টৰ। কেৰেলা ব্লাষ্টাৰ্ছে বাকী থকা তিনিখন মেচত জয়লাভ কৰিলে ছেমিফাইনেল খেলাৰ সুযোগ পাব।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দুয়োটা দলে প্ৰথম লেগৰ মেচত মুখামুখী হৈছিল কোচিৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত। আৰু উক্ত মেচত কেৰেলা ব্লাষ্টাৰ্ছে ১-০ গ’লত পৰাস্ত কৰিছিল নৰ্থ-ইষ্টক।

কেৰেলা ব্লাষ্টাৰ্ছে আজি ১৬ নম্বৰ মেচত অৱতীৰ্ণ হ’ব। ইতিপূৰ্বে খেলা ১৫ মেচৰ পাঁচখনত জয়লাভ কৰাৰ বিপৰীতে চাৰিখন মেচত পৰাস্ত হৈছে। আনহাতে ছখনকৈ মেচ ড্ৰ খেলিছে। সম্প্ৰতি ২১ পইণ্টেৰে কেৰেলা ব্লাষ্টাৰ্ছে তালিকাৰ পঞ্চম স্থানত আছে।

আনহাতে নৰ্থ-ইষ্টেও আজি লীগত ১৬ নম্বৰ মেচখন খেলিব। লক্ষ্যণীয় যে ইতিপূৰ্বে খেলা  ১৫ খন মেচৰ ৩ খনত জয়লাভ, ১০ খনত পৰাস্ত আৰু দুখন ড্ৰ খেলি ১১ পইণ্টেৰে তালিকাৰ নৱম স্থানতে সীমাবদ্ধ আছে।