NORTHEAST NOW (Assamese)
অসম

আজি চিলাৰায় দিৱস : ৰাজ্যৰ বিভিন্ন স্থানত বীৰজনলৈ শ্ৰদ্ধাঞ্জলি

Posted by: এন ই নাও নিউজ January 31, 2018 1:31 pm
Chilaray

অসম বুৰঞ্জীৰ এজন মহানায়ক তথা মহাবীৰ চিলাৰায়ৰ আজি ৫০৮ সংখ্যক জন্ম জয়ন্তী। এই উপলক্ষে আজি ৰাজ্যখনৰ বিভিন্ন ঠাইত বীৰজনক শ্ৰদ্ধাৰে সুঁৰিবলৈ কাৰ্য্যসূচী লোৱা হৈছে। অতীতৰ কোচ ৰাজ্যৰ সেনাপতি তথা কোচ ৰজা নৰনাৰায়ণৰ ভায়েক চিলাৰায় এজন সুদক্ষ যোদ্ধা আছিল। তেওঁ কেইবাখনো ডাঙৰ ৰণত জয় লাভ কৰি কোচ ৰাজ্যৰ সীমা বৃদ্ধি কৰিছিল। তেওঁৰ নেতৃতত্বতে কোচসকলে শক্তিশালী আহোম সেনাকো ঘটুৱাইছিল।

এই বীৰজনক সুঁৱৰিবলৈ আজি আন আন ঠাইৰ লগতে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ পৃষ্ঠপোষকতাত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আমিনগাঁৱত থকা চিলাৰায় উদ্যানত দিনজোৰা কাৰ্যসূচী লোৱা হৈছে। ইয়াত স্থানীয় ৰাইজেও উদ্যোগ লৈছে। উদ্যোক্তাসকলে জনোৱামতে, এই দিৱস উপলক্ষে আজি পুৱা ৮ বজাত কামাখ্যা মন্দিৰত থকা মহাৰাজ নৰনাৰায়ণ আৰু বিশ্বমহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰাৰ পিছত মন্দিৰত পূজা আগ বঢ়োৱা হ’ব। উল্লেখযোগ্য যে কামাখ্য মন্দিৰৰ সৈতে কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ স্মৃতি বিজড়িত হৈ আছে। কোচ ৰজা নৰনাৰায়ণেই ভগ্ন অৱস্থাত থকা কামাখ্য মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল।

আজিৰ কাৰ্য্যসূচী মতে পুৱা ৯ বজাৰ পৰা চিলাৰায় দিৱসৰ মূল কাৰ্যসূচীবোৰ আৰম্ভ হ’ব।