NORTHEAST NOW (Assamese)

আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে অধ্যাপক ৱিনোদ কুমাৰ জৈনে

February 22, 2018 7:52 pm · প্ৰণৱ কুমাৰ দাস
Updated: February 22, 2018 8:00 pm

অধ্যাপক ৱিনোদ কুমাৰ জৈনে আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে।

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জৈনে ইয়াৰ পূৰ্বে ২০১২ চনৰ মাৰ্চৰ পৰা ২০১৭ চনৰ আগষ্টলৈকে ডেৰাডুনৰ ডুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

য়ুকে’ৰ ছাছেক্স বিশ্ববিদ্যালয়ৰ প্লাজমা পদাৰ্থ বিজ্ঞানৰ ডি ফিল অধ্যাপক জৈনে আই আই টি দিল্লীৰ পদাৰ্থ বিজ্ঞান বিভাগত পুল বিজ্ঞানী হিচাপে ১৯৮৩-৮৫ চনত কাম কৰাৰ পিছত পৰিৱেশ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপকৰূপে ১৯৮৫ চনত তেওঁ জে এ’ন য়ুত যোগ দিছিল।

অধ্যাপক জৈন আমেৰিকাৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ভিজিটিং ৰিছাৰ্চ ইঞ্জিনিয়াৰ আছিল।

Related News