NORTHEAST NOW (Assamese)
অসম

আজি দিল্লীৰ নৰ্থ ব্লকত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলফাৰ শান্তি আলোচনা

Posted by: এন ই নাও নিউজ May 21, 2018 12:30 pm
regulf

কেন্দ্ৰীয় চৰকাৰৰ সৈতে চূড়ান্ত পৰ্যায়ত থকা শান্তি আলোচনা আগবঢ়াই নিয়াৰ স্বাৰ্থতে আজি নতুন দিল্লীৰ নৰ্থ ব্লকত এক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ’ব আলোচনাপন্থীৰ আলফাৰ এটি দলে।

সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা তথ্য অনুসৰি এই আলোচনাত মিলিত হোৱাৰ বাবে ইতিমধ্যে দিল্লীত উপস্থিত হৈছে আলোচনাপন্থী আলফাৰ এটি ৮ জনীয়া দল।

নৰ্থ ব্লকত অনুষ্ঠিত হ’বলগীয়া এই আলোচনাত ভাগ ল’ব অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়াসহ আন শীৰ্ষ আলোচনাপন্থী আলফা নেতৃত্বই। আনহাতে এই আলোচনা পক্ৰিয়াত মধ্যস্থতাকাৰী এবি মাথুৰ আৰু গৃহ মন্ত্ৰণালয়ৰ উত্তৰ-পূবৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ উপস্থিত থাকিব।

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰে ক্ষমতা দখল কৰাৰ পাছৰ পৰাই উত্তৰ- পূবৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি আলোচনা পক্ৰিয়া চূড়ান্ত কৰিব বিচাৰিছে। আনকি ইয়াৰ বাবে কেইবাদশক পুৰণি নাগা সমস্যা সমাধানৰ বাবে নাগা বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট স্বাক্ষৰ কৰিছে। সেয়েহে আলফাৰ সাতেও আজিৰ এই বৈঠকতে চুক্তি স্বাক্ষৰৰ তাৰিখ চূড়ান্ত কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে একাংশ সূত্ৰই।

আনহাতে আলোচনা কালত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মূলসুতিলৈ ওভতাই অনাৰ প্ৰসংগ উত্থাপন হোৱাৰ সম্ভাৱনা আছে। আলোচনা কালতে আলফাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে একাংশ সূত্ৰই।