NORTHEAST NOW (Assamese)

আজি অৰুণাচলৰ পাছিঘাটৰ পৰা গুৱাহাটী হৈ কলকাতালৈ উৰিব বাণিজ্যিক বিমান

May 21, 2018 11:50 am · এন ই নাও নিউজ
Updated: May 21, 2018 4:05 pm

উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা তথা সমগ্র দেশৰ বিমান পৰিবহণ খণ্ডত কাৰ্যতঃ ইতিহাস সূচনাৰে আজি অৰুণাচল প্ৰদেশৰ পাছিঘাট বিমানবন্দৰৰ পৰা গুৱাহাটী হৈ কলকাতালৈ উৰা মাৰিব প্ৰথমখন বাণিজ্যিক বিমানে।

উল্লেখযোগ্য যে ‘এয়াৰ ইণ্ডিয়া’ৰ সহযোগী সংস্থা ‘এলায়েন্স এয়াৰ’-এ প্ৰতি সপ্তাহৰ তিনিটা দিনত অৰ্থাৎ মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰে কলকাতা-গুৱাহাটী-পাছিঘাটৰ মাজত বাণিজ্যিক বিমান সেৱা আগবঢ়াব।

যোৱা ২৩ এপ্ৰিলত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা পাছিঘাটলৈ এ টি আৰ-৪২ এয়াৰ ক্ৰাফটৰ পৰীক্ষামূলক উৰণ সম্পন্ন হৈছিল। পৰীক্ষামূলক উৰণত এয়াৰ ক্ৰাফটখনে  গুৱাহাটীৰ পৰা যাত্ৰা কৰি পাছিঘাটত অৱতৰণৰ বাবে সময় লৈছিল প্ৰায় ২ ঘণ্টা ২০ মিনিট।

উক্ত পথেৰে যাত্ৰা কৰিব বিচৰাসকলে ‘এয়াৰ ইণ্ডিয়া’ৰ ৱেবছাইটযোগে অনলাইনত টিকট বুক কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আজিৰে পৰা ঐতিহাসিক বিমান সেৱা আৰম্ভ হোৱাৰ পূৰ্বে পাছিঘাটত ইতিমধ্যে বাহৰ পাতিছে ‘এলায়েন্স এয়াৰ’ আৰু অসামৰিক বিমান পৰিবহণ বিভাগৰ এটা শীৰ্ষ বিষয়াৰ দলে। পাছিঘাটৰ পৰা বাণিজ্যিক বিমান সেৱা আৰম্ভ হোৱাৰ লগে লগে চীন সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰে দেশৰ আন প্ৰান্তৰ যোগাযোগ ব্যৱস্থা দ্ৰুত হৈ পৰিব বুলি আশা কৰা হৈছে।

Related News