NORTHEAST NOW (Assamese)
অসম

আদালতৰ মজিয়াত বিস্ফোৰণ : কাজিৰঙাৰ গঁড় মাৰি খৰ্গ বিক্ৰী বন বিভাগৰ চোৰাংচোৱাৰ

Posted by: ৰিতুপল্লৱ শইকীয়া June 27, 2018 9:12 pm
Kaziranga-Rhino-killed

কাজিৰঙাৰ গঁড় মৰাত বন বিভাগৰ লগত সম্পৰ্ক থকা লোকো জৰিত। সাধাৰণ মানুহৰ এই সন্দেহ আজি ২৭ জুনত প্ৰমাণ হ’ল আদালতটো। বন বিভাগৰ সুখদেৱ দাস নামৰ এজন চোৰাংচোৱাৰ লগ হৈ কাজিৰঙাৰ গঁড় মৰা মাণিক দাস নামৰ এজন চোৰাংচিকাৰীক আজি ৭ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে গোলাঘাট জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে।

দুৰ্ভাগ্যজনকভাৱে আদালতত বিচাৰ চলি থকাৰ মাজতে মৃত্যু হয় সুখদেৱ দাসৰ।

বন বিভাগৰ চোৰাংচোৱা সুখদেৱ দাসৰ সৈতে মাণিক দাস আৰু আন ৯ জন চোৰাংচিকাৰী লগ হৈ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনত থকা উত্তৰ পাৰৰ চিবে চাপৰিত ২০১৫ চনত এটা গঁড় হত্যা কৰিছিল। ‘হত্যা কৰা গড়টোৰ খৰ্গটোৰ ওজন আছিল ৯১৫ গ্ৰাম আৰু অৰুণাচলত সেইটো আমি ৭ লাখ টকাত বিক্ৰী কৰিছিলো,’ জেৰাত স্বীকাৰ কৰিছিল সুখদেৱ দাসে।

সুখদেৱ দাসৰ উক্ত স্বীকাৰোক্তিৰ আধাৰতে গ্ৰেপ্তাৰ কৰা হৈছিল মাণিক দাসক।

এই সন্দৰ্ভত শোণিতপুৰ জিলাৰ ঘাঁহিগাওঁ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ তদন্তত হেলেম আৰক্ষী থানাই ২০১৫ চনৰ ২৭ মাৰ্চত সন্দেহবসতঃ সুখদেৱ দাসক গ্ৰেপ্তাৰ কৰিছিল। প্ৰাথমিক তদন্তৰ পিছত আৰক্ষীয়ে দাসক বন বিভাগৰ বিশ্বনাথ সংমণ্ডলক গতাই দিয়াৰ পিছত বিভাগে অধিক জেৰাৰ বাবে তেওঁক কাজিৰঙাৰ অগৰাতলিত চলোৱা জেৰাত দাসে এই বিস্ফোৰক স্বীকাৰোক্তি দিছিল।

আনহাতে বন্যপ্ৰাণী সুৰক্ষা আইন (অসম সংশোধন) ২০০৯ৰ অধীনত আদালতে আজি শাস্তি বিহা মাণিক দাসে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমণাও যাৰ অনাদায়ত তেখেতে খাটিব লাগিব অতিৰিক্ত ৩ মাহৰ সাধাৰণ কাৰাৱাস।