NORTHEAST NOW (Assamese)
অসম

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটী প্ৰে’ছ ক্লাবত মহিলা সাংবাদিকৰ বাবে ফিজিঅ’থেৰাপি শিবিৰ

Posted by: এন ই নাও নিউজ March 8, 2018 5:44 pm

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কলেজ অৱ ফিজিঅ’থেৰাপি এণ্ড মেডিকেল চায়েন্সেজে গুৱাহাটী প্ৰে’ছ ক্লাবত আজি বৃ্হস্পতিবাৰে মহিলা সাংবাদিকসকলৰ বাবে এক বিশেষ ফিজিঅ’থেৰাপি শিবিৰৰ আয়োজন কৰে।

কলেজখনৰ তিনি মহিলা ফিজিঅ’থেৰাপিস্ত ডাঃ পল্লৱী গোস্বামী, ডাঃ পূজা শইকীয়া আৰু ডাঃ আইভি নেওগে শিবিৰটোত সেৱা আগবঢ়ায়।

প্ৰে’ছ ক্লাবৰ মহিলা সাংবাদিক আৰু পুৰুষ সাংবাদিকৰ পত্নী মিলাই মুঠ ২০ গৰাকীমানে শিবিৰটোত স্বাস্থ্যসেৱা লয়।

অনুষ্ঠানটোত স্বাস্থ্যকৰ্মী লীলা হালৈয়ে মহিলাসকলৰ ওজন আৰু ৰক্তচাপ মাপে।

প্ৰে’ছ ক্লাবত প্ৰতি সপ্তাহে আয়োজিত মীডিয়া ক্লিনিকৰ অংশ হিচাপেই এই শিবিৰটো আয়োজিত হৈছিল।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।