NORTHEAST NOW (Assamese)
অসম

আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত আন্তৰ্জাতিক সাংবাদিকতা কৰ্মশালাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে

Posted by: এন ই নাও নিউজ June 29, 2018 6:57 pm

গুৱাহাটী বিশ্ববিদ্যালয়ে অহিঅ’ বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত ইণ্টাৰনেশ্যনেল জাৰ্নেলিজমৰ ওপৰত আধাৰিত এক বাৰ্ষিক গ্ৰীষ্মকালীন কৰ্মশালাত অংশ গ্ৰহণ কৰি ভাৰতক প্ৰতিনিধিত্ব কৰিব। এই কৰ্মশালাখন বৃহস্পিতাবাৰ অৰ্থাৎ ২৮ জুনৰ পৰা ১০ আগষ্টলৈকে অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

৬ সপ্তাহ ধৰি অনুষ্ঠিত হ’ব লগীয়া এই কৰ্মশালাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৮ খন দেশৰ  ১৮ জন সাংবাদিক আৰু মিডিয়া বিশেষজ্ঞই অংশ গ্ৰহণ কৰিব। তাৰোপৰি অনুষ্ঠানত আন্তৰ্জাতিক সাংবাদিকতা আৰু মিডিয়া নাীতি অনুশীলনৰ ওপৰতো প্ৰশিক্ষণ দিয়া হ’ব।

অংশগ্ৰহণকাৰী সকলক ক্ৰমশঃ ক্লিফলেণ্ড, চান ফ্ৰান্সিকো, আটলাণ্টা, চিকাগো আৰু ৱাচিংটন ডিচিত প্ৰশিক্ষণ দিয়া হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ ডিপাৰ্টমেন অব ষ্টেটে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংকুৰণ দত্তক এই বাৰ্ষিক গ্ৰীষ্মকালীন অধিৱেশনত অংশ গ্ৰহণৰ বাবে মনোনীত কৰিছে। ড০ অংকুৰণ দত্তই ৩ জুলাইত অনুষ্ঠিত হ’ব লগীয়া ‘আন্তৰ্জাতিক গণ্য মাধ্যম’ত ভাৰতৰ গণ সংযোগ মাধ্যমৰ প্ৰণালী, সাংবাদিকতাৰ অনুশীলন, মিডিয়া নীতিৰ ওপৰত এক গৱেষণামূলক প্ৰকল্প উপস্থাপন কৰিব।

আনহাতে ৫ আগষ্টত ৱাচিংটন ডিচিত গণসংযোগ শিক্ষা আৰু সাংবাদিকতা সংস্থাৰ বাৰ্ষিক সন্মিলন উপলক্ষে ‘গ্লৱেল মাইগ্ৰেশন এণ্ড ৰিফিউজি ক্ৰাইছিচে এছিয়াৰ প্ৰতিনিধিত্বকাৰী এজনক প্যানেল সদস্য হিচাপে বাচনি কৰে।