NORTHEAST NOW (Assamese)
অসম

আলফাৰ জন্মৰ সৈতে জড়িত, সমাজকৰ্মী ভূপেন বৰগোহাঁইৰ মৃত্যু

Posted by: হিতোজ্বল চেতিয়া April 10, 2018 9:27 pm
Bhupen_Borgohain ulfa

সংযুক্ত মুক্তি বাহিনী, অসমৰ প্ৰতিষ্ঠাপক নেতাসকলৰ মাজৰে এজন, শিৱসাগৰৰ ৰংঘৰ বাকৰিত লগ হৈ আলফা গঠন কৰা ৭ জনৰ অন্যতম ডিমৌৰ সমাজকৰ্মী ভূপেন বৰগোহাঁইৰ আজি ১০ এপ্ৰিলৰ পুৱা ৫ বজাত শ্বিলঙৰ নেইগ্ৰিমছ (NEIGRIHMS) চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷

চাৰি বছৰ আগতে তেখেতৰ বাইপাছ চাৰ্জাৰি হৈছিল আৰু যোৱা কেইমাহমানৰ পৰা তেওঁৰ ভৰিৰ বিষ হৈ আছিল। তাৰোপৰি তেওঁৰ দুয়োটা বৃক্ক বিকল হৈ যায়। প্ৰথমে ডিব্ৰুগড় চিকিৎসা মহাবিদ‍্যালয়ত চিকিৎসা কৰোৱাৰ পিছত বৰগোহাঁইক শ্বিলঙৰ চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল।

ডিমৌৰ কেইবাখনো বিদ‍্যালয়ৰ পৰিচালনা সমিতিৰ লগত জড়িত বৰগোহাঁই ডিমৌৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ লগত আৰম্ভণিৰ পৰাই জড়িত আছিল।

তেওঁৰ মৃত্যুত শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-কৰ্মচাৰীসকলে শ্ৰদ্ধা নিবেদন কৰে।