NORTHEAST NOW (Assamese)
অসম

আলফা (স্বাঃ)ই মুক্তি দিয়া দীননাথক উদ্ধাৰ কৰিলে জয়ৰামপুৰ আৰক্ষী আৰু অসম আৰক্ষীয়ে

Posted by: মানস প্ৰতিম গগৈ June 26, 2018 12:28 pm

আলফা (স্বাঃ)-এ যোৱা ৮ জুনত অপহৰণ কৰি নিয়া দীননাথ উপাধ্যায় ওৰফে গোপালক অৱশেষত ১৮ দিনৰ মূৰত সোমবাৰে অৰুণাচলৰ চাংলাং জিলাৰ নামপুঙৰ লুংৰি বস্তিত  মুকলি কৰি দিয়ে। আৰু আজি অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ আৰক্ষী আৰু অসম আৰক্ষীৰ এটা দলে সুস্থ শৰীৰে দীননাথ উপাধ্যায়ক উদ্ধাৰ কৰে আৰু জাগুন চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱায়।

স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে সাংবাদিকৰ প্ৰশ্লৰ উত্তৰত দীননাথে কয় যে তেওঁক আলফা (স্বা)ৰ পাঁচজনীয়া এটা দলে সোমবাৰে অৰুণাচলৰ চাংলাং জিলাৰ নামপুঙৰ লুংৰি বস্তিত মুকলি কৰি দিয়ে। দীননাথে জনোৱা অনুসৰি তেওঁক মুকলি কৰিবলৈ অহা আলফা (স্বা)ৰ দলটোত উদয় অসম, ৰূপম অসম আৰু ধন অসম আছিল আৰু বাকী কেইজনক তেওঁ চিনি নাপায়।

তৰোপৰি দীননাথে কয় যে তেওঁক ম্যানমাৰৰ এক গোপন শিবিৰত ৰাখিছিল আৰু তেওঁ খোৱা-বোৱাকে ধৰি কোনো ধৰণৰ অসুবিধা পোৱা নাছিল।

আনহাতে শেহতীয়াকৈ পোৱা তথ্য অনুসৰি দীননাথ উপাধ্যায়ৰ জাগুনৰ তিনি নং উদয়পুৰৰ বাসগৃহত বিধায়ক ভাস্কৰ শৰ্মা ফানেং চাহ বাগিচাৰ স্বত্বাধিকাৰী ৰাধা চেতিয়া উপস্থিত হৈ পৰিয়ালৰ লোকৰ সৈতে বাৰ্তালাপ কৰে।

অৱশ্যে দীননাথ উপাধ্যায়ক কি পৰিস্থিতিত আলফা (স্বা) মুকলি কৰি দিলে সেয়া বৰ্তামানো জানিব পৰা হোৱা নাই।