NORTHEAST NOW (Assamese)
অসম

আলফা (স্বাঃ)ৰ প্ৰেছ বিবৃতিৰ জৰিয়তে অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন

Posted by: এন ই নাও নিউজ April 10, 2018 9:20 am
আলফা(স্বাঃ)

বহাগ বিহুলৈ মাজত মাথো কেইটামান দিন। ৰাজ্যখনৰ চৌদিশতে ৰঙালী বিহু উপলক্ষে কণ কণ শিশুৰ পৰা ধৰি যুৱক-যুৱতী সকলে বিহু কৰ্মশালা আয়োজন কৰি ৰঙালী আদৰিবৰ বাবে সাজু হৈছে। তেনে সময়তে  অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে আলফা(স্বাঃ)এ।

সংযুক্ত মুক্ত বাহিনী, অসম তথা আলফা (স্বাঃ) সংবাদ মাধ্যমলৈ পঠোৱা এক প্ৰেছ বিবৃতিযোগে বিহুৰ সাতোদিনেই অসমবাসীৰ আনন্দময় হোৱাৰ কামনা কৰি অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

বিবৃতিটোত সংগঠনটোৱে বৰ্তমান ৰাজ্যখনত হোৱা বন ধ্বংস আৰু প্ৰদূষণক লৈ উদ্বেগ প্ৰকাশ কৰিছে। যিহেতু এনে কাৰ্যৰ জৰিয়তে মানুহে প্ৰকৃতিৰ বুকুৰ পৰা বহাগৰ আয়ুস কাঢ়ি নিছে বুলি সংগঠনটোৱে বিবৃতিটোত উল্লেখ কৰে।

ইফালে বৰ্তমানৰ যুৱ প্ৰজন্মৰ একাংশই পশ্চিমীয়া সংস্কৃতিৰ ভৃত্য হৈ বিহুৰ স্বকীয়তা ৰখা কৰাৰ বিপৰীতে অপ-সংস্কৃতিৰ আয়োজন কৰবলৈ ধৰিছে বুলি আলফা (স্বাঃ)এ উল্লেখ কৰে।

লগতে অপ-সংস্কৃতি নিৰ্মূল কৰি বিহু পালন কৰা সকলৰ লগত সংগঠনটো সদায়ে থাকবি বুলি বিবৃতি যোগে জানিবলৈ দিয়ে।