NORTHEAST NOW (Assamese)
Popular Stories

আৰম্ভ হ’ল জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা : ৰাজনাথ সিঙে ক’লে ২২০ বছৰীয়া এনে পৰম্পৰাগত অনুষ্ঠানত ভাগ লৈ পোৱা নাই কেতিয়াও

Posted by: প্ৰণৱ কুমাৰ দাস March 1, 2018 8:48 pm

আজিৰে পৰা ব্যাপক উৎসাহ-উদ্দীপনাৰে আৰম্ভ হ’ল দুই শতিকা পাৰ কৰা জামুগুৰিহাটৰ বিখ্যাত বাৰেচহৰীয়া ভাওনা। কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে আজি জামুগুৰিহাটৰ পকামূৰা পথাৰত ২৮ সংখ্যক বাৰেচহৰীয়া ভাওনাৰ শুভাৰম্ভ কৰে।

বাৰেচহৰীয়া ভাওনা উদ্বোধন কৰি মন্ত্ৰীজনে ‘২২০ বছৰ আগতেই আৰম্ভ হোৱা এনে পৰম্পৰাগত ঐতিহাসিক অনুষ্ঠানত মই কেতিয়াও অংশ লৈ পোৱা নাই’ বুলি মন্তব্য কৰে।

ৰাজ্যৰ সাংস্কৃতিক আইকন ভূপেন হাজৰিকাক অসমৰে নহয় বৰং সমগ্ৰ ভাৰতৰে এজন প্ৰবাদপুৰুষ বুলি শ্ৰদ্ধাৰে সুঁৱৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে শোণিতপুৰৰ জিলাৰ পৰাই ওলোৱা অসমৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নট সূৰ্য্য ফণী শৰ্মাৰ বিষয়েও উল্লেখ কৰে।

Jamugurihat- Barechaharia Bhowna inaugurate Rajnath Singh

সাংস্কৃতিক জগতলৈ এইসকল শিল্পীৰ অৱদান কেতিয়াও পাহৰিব পৰা নাযায় বুলি তেওঁ মন্তব্য কৰে।

ভাওনা পৰম্পৰাৰ স্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক প্ৰণাম জনাই সিঙে কয়, ‘মই তেওঁৰ কথা শুনিছিলো আৰু তেওঁৰ জীৱনাদৰ্শ অসমৰ সমাজে কিদৰে অনুসৰণ কৰি আহিছে সেয়া আজি দেখিলো।’

মহাপুৰুষজনৰ জীৱ্নাদৰ্শ ধৰি ৰখাৰ বাবে তেওঁ সমগ্ৰ অসমৰ ৰাইজকে ‘অন্তৰৰ পৰা অভিনন্দন’ জনায় তেওঁ সকলো লোককে সাংস্কৃতিক সম্প্ৰীতি বজাই ৰখাৰ বাবে আহ্বান জনায়।

স্থানীয় বিধায়ক তথা আয়োজক সমিতিৰ সভাপতি পদ্ম হাজৰিকাই গৃহ মন্ত্ৰীগৰাকীক আদৰণি জনাই বাৰেচহৰীয়া ভাওনাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতি জামুগুৰিহাটবাসীয়ে কেতিয়াও নাপাহৰে বুলি কয়।

বিধায়কজনে ২০১৪ চনৰ ২৪ ডিচেম্বৰত বিশ্বনাথ চাৰিআলিত আদিবাসী লোকৰ ওপৰত হোৱা আক্ৰমণৰ সময়ত ঘটনাস্থলীত উপস্থিত হৈ নিৰাপত্তা বাহিনীক ‘অপাৰেচন ব্লেক আউট’ আৰম্ভ কৰিবৰ বাবে সিঙে দিয়া নিৰ্দেশৰ বাবে মন্ত্ৰীজনক ধন্যবাদ জনায়।

অসমৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে কয় যে, ‘২০১৪ চনৰ ডিচেম্বৰত মই অসমৰ মাটিত হিংসাৰ কোনো স্থান নাই বুলি কৈছিলো। মই সুখী যে অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ উন্নতি হৈছে।’

‘অসমত হিংসাৰ যুগৰ অৱসান ঘটিছে’ বুলি মন্তব্য কৰি গৃহ মন্ত্ৰীজনে কয় যে ‘গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই। গণতন্ত্ৰ আলোচনা আৰু কথা-বতৰাৰ যোগেদি চলে, বন্দুকেৰে নহয়।’

আজিৰ অনুষ্ঠানত সিঙক সংগ দিয়ে ৰাজ্যৰ কেবিনে’ট মন্ত্ৰী ৰঞ্জিত দত্ত আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই।