NORTHEAST NOW (Assamese)

ইটালীৰ ৰোমত অনুষ্ঠিত হ’বলগীয়া মিঃ টুৰিজিম ৱৰ্ল্ডত অংশগ্ৰহণৰ বাবে সাজু জুলফি চেইখ

March 17, 2018 2:42 pm · কল্পজ্যোতি শইকীয়া
Updated: March 17, 2018 4:13 pm

অহা বছৰ ইটালীৰ ৰোম চহৰত অনুষ্ঠিত হ’বলগীয়া মিঃ টুৰিজিম ৱৰ্ল্ডত অংশগ্ৰহণৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতি  চলাই আছে বুলি জানিবলৈ দিয়ে মিঃ টুৰিজিম ৱৰ্ল্ড ইণ্ডিয়া ২০১৮ প্ৰতিযোগিতাৰ বিজয়ী তথা ধুবুৰীৰ  জুলফি চেইখে।

উল্লেখ্য যে এই প্ৰতিযোগিতাখন অহা বছৰ ২৬ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰিলৈকে ইটালীৰ ৰোম চহৰত অনুষ্ঠিত হ’ব।

২৪ বছৰীয়া জুলফিয়ে নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি তেওঁ গোৱাত অনুষ্ঠিত হোৱা মিঃ ওৱৰ্লড ইণ্ডিয়া প্ৰতিযোগিতাত ৰো-বা-ৰো মিষ্টাৰ ইণ্ডিয়া খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰি এইগৰাকী যুৱকে অসমীয়া অভিনয় ক্ষেত্ৰতো জড়িত হোৱা দেখিবলৈ পোৱা যায়। ইতিমধ্যে  জুলফিয়ে জানিবলৈ দিয়া মতে তেওঁ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নীলাঞ্জনা, কণ্ঠশিল্পী তুলিকাৰ “ড্ৰিম অৱ লাভ” ভৃগু কাশ্যপৰ ৰাণী ইত্যাদি গীতসমূহতো অভিনয় কৰিছে।

আনহাতে প্ৰতিভা সম্পন্ন ধুবুৰীৰ মডেল গৰাকীয়ে ফেশ্বন ডিজাইনাৰ তথা কৰিঅ’গ্ৰাফাৰ প্ৰশান্ত ঘোষৰ তত্বাৱধানত ২০১৩ চনৰে পৰা মডেলিং ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে।

নৰ্থ-ইষ্ট নাওৰ জৰিয়তে জুলফিয়ে ইটালীত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শনৰ বাবে অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে।

 

Related News