NORTHEAST NOW (Assamese)

ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ সন্মিলনৰ সামৰণি : পৰৱৰ্তী সন্মিলন ভূপালত

March 21, 2018 10:38 am · সভাপতি চামম

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শীৰ্ষস্থানীয় বিজ্ঞানী আৰু বিশেষজ্ঞ ব্যক্তিৰ মাজত হোৱা বৈজ্ঞানিক আলোচনা-বিলোচনাৰ মাজেৰে ১৬ মাৰ্চৰ পৰা মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত ভাৰতীয় বিজ্ঞান সন্মিলন বা ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ ১০৫ সংখ্যক অধিৱেশন ২০ মাৰ্চত সামৰণি পৰে। পাঁচ দিনীয়া এই অনুষ্ঠানটোৰ সামৰণি দিনটোত দেশৰ বিভিন্ন ঠাইৰ পৰা আহি নিজৰ নিজৰ বৈজ্ঞানিক প্ৰকল্পৰ পেপাৰ প্ৰেজেণ্টেইশ্যন কৰা যুৱ চামৰ মাজৰ পৰা শীৰ্ষৰ ১৪ জনক নিৰ্বাচন কৰি বঁটা প্ৰদান কৰা হয়। এই বঁটাত ২৫ হাজাৰকৈ টকাৰ লগতে প্ৰমাণপত্ৰও আছে।

সামৰণি অনুষ্ঠানটোত ৰাজ্যপাল ড০ নাজমা হেপতুল্লাৰ উপৰি মণিপুৰ বিধানসভাৰ অধ্যক্ষ য়মনাম খেমচান্দ, ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ এছ’চিয়েশ্যনৰ সভাপতি ড০ অচ্যুত সামন্ত, মণিপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য এ পি পাণ্ডেই, ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ অধিৱেশন আয়োজক সমিতিৰ সম্পাদক অধ্যাপক অৰুণ কুমাৰ, অধ্যাপক ডব্লিউ বিশ্বনাথ আৰু ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ এছ’চিয়েশ্যনৰ অন্যান্য বিষয়ববীয়া উপস্থিত আছিল।

আনহাতে সামৰণি অনুষ্ঠানটোতে ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ সভাপতিয়ে ঘোষণা কৰে যে ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ ১০৬ সংখ্যক অধিৱেশনখন অহা বছৰ ভূপালত ৩ ৰ পৰা ৭ জানুৱাৰিলৈ অনুষ্ঠিত হ’ব। ইয়াৰ মূল বক্তব্য (থিম) হ’ব ভৱিষ্যতৰ ভাৰত : বিজ্ঞান আৰু প্ৰযুক্তি (Future India: Science & Technology).

উল্লেখযোগ্য যে ইম্ফল হ’ল উত্তৰ-পূবৰ দ্বিতীয়খন চহৰ, যি ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সুযোগ পালে। ইয়াৰ পূৰ্বে ২০০৯ চনত মেঘালয়ৰ শ্বিলঙত ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত হৈছিল।

Related News