NORTHEAST NOW (Assamese)
অসম

ইণ্ডিয়া টুডেই প্ৰস্তুত কৰা দেশৰ শীৰ্ষ দহজন ৰাজনীতিকৰ তালিকাত হিমন্তৰ নাম

Posted by: অনিৰ্বাণ ৰয় April 23, 2018 5:06 pm
Himanta_Biswa_Sarma_briefing_media_at_his_office_dispur

আগন্তুক ২০১৯ লোকসভা নিৰ্বাচনৰ বাবে দেশৰ সকলোবোৰ প্ৰধান ৰাজনৈতিক দলেই কুচকাৱাজ চলাই থকাৰ সময়তে ইণ্ডিয়া টুডেই (the India Today) নামৰ বাৰ্তালোচনীখনে প্ৰস্তুত কৰি উলিয়াইছে দেশৰ শীৰ্ষ দহজন শক্তিশালী ৰাজনৈতিক নেতাৰ তালিকা। তাৎপৰ্য্যপূৰ্ণভাৱে এই তালিকাত স্থান পাইছে অসমৰ প্ৰভাৱশালী মন্ত্ৰী তথা চতুৰ ৰাজনীতিক বুলি খ্যাত তথা একাধিকবাৰ ৰাজনৈতিক শিবিৰ সলনি কৰা ড০ হিমন্ত বিশ্ব শৰ্মাৰ নামে।

তালিকাখনৰ শীৰ্ষত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ নাম। তালিকাখন প্ৰস্তুতকৰ্তা বাৰ্তালোচনীখনৰ সাংবাদিক কৌশিক ডেকাই (যিজনো এজন অসমীয়া) ড০ হিমন্ত বিশ্ব শৰ্মাক এজন ক্ষুধাৰ্ত সেনাপতি, যি প্ৰতিশোধৰ তাড়নাৰে চালিত বুলি অভিহিত কৰিছে। তালিকাত হিমন্তৰ নাম ১০ নম্বৰত আছে।

প্ৰতিবেদনটোত কোৱা হৈছে প্ৰধান মন্ত্ৰী মোদী আৰু অমিত শ্বাহে বিজেপিক অধিক আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছে যদিও গেৰুৱা দলটোৰ এই সম্প্ৰসাৰণৰ চেষ্টা কিমান ফল দিব সেয়া কৰ্ণাটক, মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছট্টিচগড়ৰ আগন্তুক নিৰ্বাচনে নিৰ্ধাৰণ কৰিব। আজিৰ তাৰিখত বিজেপিয়ে ২৯ খন ৰাজ্যৰ ১৮খনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে শাসন কৰি আছে।

প্ৰতিবেদনটোত মোদীক “Master of infinity” বুলি অভিহিত কৰাৰ লগতে অমিত শ্বাহক “Force multiplier” বুলি কোৱা হৈছে।

তালিকাখনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীক ৩ নম্বৰ স্থান দিয়া হৈছে। তেওঁক মিষ্টাৰ নেটৱৰ্কাৰ বুলি অভিহিত কৰা হৈছে।

আনহাতে আৰ এছ এছৰ প্ৰধান মোহন ভগৱতক ৪ নম্বৰ স্থানত ৰখা হৈছে আৰু ম’ৰেল কম্পাছ বুলি অভিহিত কৰা হৈছে।

য়ু পি এৰ অধ্যক্ষা ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ৫ নম্বৰ স্থানত ৰখা হৈছে আৰু অভিহিত কৰা হৈছে All in the Name বুলি।

একেদৰে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক তালিকাৰ ৬ষ্ঠ স্থান দিয়া হৈছে। সপ্তম স্থানত আছে নীতীন গাডকাৰী, যাক অভিহিত কৰা হৈছে হাই স্পীড ডুৱাৰ (High-speed doer)।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱক ৮ম স্থান দিয়া হৈছে আৰু কোৱা হৈছে Fire fighter বুলি। অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডুক ৯ম স্থান দিয়াৰ লগতে “Breakaway hero” বুলি কোৱা হৈছে।

প্ৰতিবেদনটোত ড০ হিমন্ত বিশ্ব শৰ্মাক উত্তৰ-পূবৰ একমাত্ৰ ৰাজনীতিক হিচাপে স্থান দিয়া হৈছে আৰু ইয়াৰ কাৰণ হিচাপে “তেওঁ প্ৰায় একক প্ৰচেষ্টাৰে উত্তৰ-পূবৰ ৭খন ৰাজ্যৰ ৬খনতে বিজেপিৰ শাসন প্ৰতিষ্ঠাত ভূমিকা লয়।” বুলি কোৱা হৈছে।

কৌশিক ডেকাই তেওঁৰ প্ৰতিবেদনটোত কৈছে যে উত্তৰ-পূব সম্পৰ্কীয় যিকোনো কথাত মোদী আৰু অমিত শ্বাহৰ দ্বাৰা শৰ্মাৰ কথাকে চূড়ান্ত কথা বুলি বিবেচনা কৰা হয়। লগতে কোৱা হৈছে যে জি এছ টি অনাৰ ক্ষেত্ৰত অন্যান্য ৰাজ্যবোৰৰ বিত্ত মন্ত্ৰীসকলক সন্মত কৰাত শৰ্মাই অৰুণ জেটলিৰ যোগ্য সহায়ক হিচাপে ভূমিকা লৈছিল।

আমোদজনকভাৱে ইণ্ডিয়া টুডেইৰ প্ৰতিবেদনটোত কোৱা হৈছে যে শৰ্মাই নিয়মীয়াকৈ জ্যোতিষ শাস্ত্ৰ চৰ্চা কৰে আৰু কৈশোৰত তেওঁ নিয়মীয়াকৈ আৰ এছ এছৰ শাখালৈ গৈছিল।

উল্লেখযোগ্য যে ড০ হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ নেতৃত্বাধীন পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো প্ৰায় ১৫ বছৰ ধৰি মন্ত্ৰী হৈ আছিল আৰু প্ৰায়ে গেৰুৱা দলটোৰ সমালোচনাত মুখৰ হৈ পৰিছিল।