NORTHEAST NOW (Assamese)
মণিপুৰ

ইম্ফলত সীমা শুল্ক বিভাগৰ দ্বাৰা ১ লাখ নিষিদ্ধ টেবলেট জব্দ : এজন লোকক গ্ৰেপ্তাৰ

Posted by: সভাপতি চামম May 4, 2018 11:26 pm
ManipurDrugs

মণিপুৰৰ সীমা শুল্ক বিভাগৰ চোৰাং কাৰবাৰ বিৰোধী গোটৰ এছ পিৰ নেতৃত্বত যোৱা বিষয়াৰ এটা দলে আজি আৰ ছেৱেন (R7) নামৰ এবিধ amphetamine টেবলেটৰ ১ লাখটা জব্দ কৰে। এটা টয়লেটৰ ওচৰৰ পৰা এইখিনি জব্দ কৰা হয় আৰু এইবোৰ বিদেশৰ পৰা অনা হৈছিল বুলি আৰক্ষীৰ সূত্ৰটোৱে কয়।

প্ৰায় ১১.৫ কিলো ওজনৰ এই টেবলেটখিনিৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি অভিযানকাৰীৰ দলটোৱে জানিবলৈ দিছে। যিজন ব্যক্তিৰ হাতৰ পৰা এই টেবলেটখিনি উদ্ধাৰ কৰিছে তেওঁৰ নাম সুজিত দাস (৩৯)। সুজিতৰ ঘৰ বিষ্ণুপুৰ জিলাৰ চাইটু নাগনু খুনত। টেবলেটখিনি সৰবৰাহ কৰা দাসক এন ডি পি এছ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে সূত্ৰটোৱে জানিবলৈ দিয়া মতে, টেবলেটখিনি ম্যানমানৰৰ পৰা ম’ৰে হৈ অনা হৈছিল বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে। এই সন্দৰ্ভত অধিক তদন্ত চলি আছে। আৰক্ষীয়ে দাসৰ সহযোগীসকলকো গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰি আছে। ইম্ফলৰ কাষ্টম বিভাগৰ সহ-আয়ুক্ত আৰ কে দৰেদ্ৰজিৎ সিঙে এই কথা জানিবলৈ দিছে।