NORTHEAST NOW (Assamese)

ইম্ফল আৰু দিল্লীৰ মাজত জেট এয়াৰৱেজে আৰম্ভ কৰিলে প্ৰত্যক্ষ বিমান সেৱা

March 27, 2018 11:39 am · চভাপতি ছামম

মণিপুৰৰ যাতায়াত ব্যৱস্থাত এক নতুন সংযোজন। এয়াৰ ইণ্ডিয়াই যোৱা ২ জানুৱাৰিৰ পৰা ইম্ফল-দিল্লীৰ মাজত আৰম্ভ কৰা বিমান সেৱাৰ পাছত জেট এয়াৱেজেও আৰম্ভ কৰিলে প্ৰত্যক্ষ বিমান সেৱা। যোৱা দেওবাৰৰ পৰা ইম্ফল আৰু দিল্লীৰ মাজত জেট এয়াৰৱেজে নতুন বিমান সেৱা আৰম্ভ কৰা বুলি সোমবাৰে বিমান কৰ্তৃপক্ষই আনুষ্ঠানিকভাবে  সদৰী কৰে।

‘ইম্ফল আৰু দিল্লীৰ মাজত জেট এয়াৱেজৰ বিমান সেৱা সপ্তাহত চাৰিদিনকৈ চলিব। সপ্তাহটোৰ মঙলবাৰ, বৃহস্পতিবাৰ, শণিবাৰ আৰু দেওবাৰে এই বিমান সেৱা চলিব’ বুলি  এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে বিমানবন্দৰ সঞ্চালক এছকে পানীগ্ৰাহীয়ে।

উল্লেখ্য যে যাত্ৰীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখিয়েই যোৱা ২ জানুৱাৰিৰ পৰা এয়াৰ ইণ্ডিয়াই ধাৰাবাহিকভাবে সপ্তাহৰ মঙলবাৰ আৰু দেওবাৰে ইম্ফল আৰু দিল্লীৰ মাজত বিমান সেৱা চলাই আছে।

এয়াৰ ইণ্ডিয়াৰ এই নতুন সংযোজনৰ ফলত মণিপুৰৰ যাত্ৰীসকল যথেষ্ট লাভান্বিত হোৱা বুলি জানিব পৰা গৈছে। কিয়নো ইয়াৰ আগতে ইম্ফলৰ পৰা দিল্লীলৈ ভ্ৰমণ কৰিবলৈ হ’লে প্ৰথমতে গুৱাহাটীত ৰব লগীয়া হৈছিল বা দিল্লীৰ পৰা আহিলে গুৱহাটীত বিমান ৰৈছিল। কিন্তু এতিয়া প্ৰত্যক্ষ সেৱা আগবঢ়োৱা বাবে এই অসুবিধাসমূহ দূৰ হোৱা পৰিলক্ষিত হৈছে। যাৰ বাবে যাত্ৰীসকলৰ প্ৰায় এঘণ্টা সময় ৰাহি হোৱা বুলি বিমান কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

মণিপুৰৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰখাৰ উপৰি বিমান পৰিবহন ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবেও এয়াৰ এছিয়াৰ লগতে ভাৰতীয় বিমান কৰ্তৃপক্ষৰ লগতো বিভিন্ন সময়ত আলোচনা সম্পন্ন কৰিছিল। আৰু ইয়াৰ পৰিণতিতে এয়াৰ এছিয়াই এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা ইম্ফল আৰু নতুন দিল্লীৰ মাজত বিমান সেৱা আৰম্ভ কৰাৰ পূৰ্ণ আশ্বাস প্ৰদান কৰিছে।

মনকৰিবলগীয়া যে ইম্ফল আৰু দিল্লীৰ মাজত ইয়াৰ আগতে সপ্তাহত মাত্ৰ এখন বিমান চলিছিল যদিও এতিয়া এদিনত ৮ৰ পৰা ১০খন বিমান চলাচল কৰে।

Related News