NORTHEAST NOW (Assamese)
অসম

উঃ-পূবত কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰ আৰু উন্নয়নৰ কাম চোৱাচিতাৰ বাবে কেন্দ্ৰই গঠন কৰিছে নিটি ফ’ৰাম

Posted by: এন ই নাও নিউজ February 17, 2018 6:43 pm

কেন্দ্ৰই দিয়া পুঁজিৰ ব্যৱহাৰত বিফল হোৱা উত্তৰ-পূবৰ ৰাজ্যকেইখনত কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰ আৰু উন্নয়নৰ কাম-কাজ তদাৰক কৰিবৰ বাবে কেন্দ্ৰই গঠন কৰিছে ‘নিটি ফ’ৰাম ফৰ নৰ্থ ইষ্ট’ (NITI Forum for North East) নামৰ এখন ফ’ৰাম। এই কথা আজি জানিবলৈ দিছে ড’নাৰ সচিব নবীন বৰ্মাই।

‘উন্নয়নৰ গতিবিধি পৰ্য্যলোচনা কৰিবলৈ, বিভিন্ন সীমাবদ্ধতাবোৰ চিনাক্ত কৰিবলৈ আৰু তাৰ বাবে উপযুক্ত দিহা-পৰামৰ্শ দিবলৈ নিটি আয়োগৰ উপাধ্যক্ষক ইয়াৰ অধ্যক্ষ হিচাপে লৈ আৰু ড’নাৰ মন্ত্ৰীক ইয়াৰ সহকাৰী অধ্যক্ষ হিচাপে লৈ ‘নিটি ফ’ৰাম ফৰ নৰ্থ ইষ্ট’ গঠন কৰা হৈছে।’ ড’নাৰ সচিব নবীন বৰ্মাই এইদৰে কয়।

তেওঁ লগতে কয় যে নিটি ফ’ৰাম গঠনে অঞ্চলটোত উন্নয়নৰ কামকাজ ত্বৰান্বিত কৰিব। তেওঁ অঞ্চলটোত কেন্দ্ৰই দিয়া পুঁজি অব্যৱহৃত হৈ পৰি থকা তথা বহুকেইটা কেন্দ্ৰীয় চৰকাৰী প্ৰকল্প অনিশ্চয়তাৰ মাজত ৰৈ থকাৰ কথা উল্লেখ কৰে।

তেওঁ উত্তৰ-পূবত নন লেপছেবল চেণ্ট্ৰেল পুল অব ৰিছ’ৰ্ছেজৰ অধীনত ১৪৪৬ কোটি টকাৰ কেন্দ্ৰীয় পুঁজি অব্যৱহৃত হৈ আছিল বুলি কৈ আকৌ কয় যে কিন্তু ডিচেম্বৰলৈকে মাত্ৰ ১৪০ কোটি টকাহে অব্যৱহৃত হৈ আছে।

‘আমি পুঁজি মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়াটো কঠোৰ কৰিছো। এতিয়া মাত্ৰ আমি মুঠ অনুমোদনৰ ১০ শতাংশহে মুকলি কৰি দিওঁ। বাকীখিনি নিবিদা প্ৰক্ৰিয়াৰে মুকলি কৰি দিয়া হয়।’ বিষয়াজনে কয়।

তেওঁ লগতে কয় যে যোৱা বাজেটত ড’নাৰ মন্ত্ৰ্যালয়ৰ বাবে অনুমোদন ১১.৬৪ শতাংশ বৃদ্ধি কৰা হৈছে। আগৰ বছৰৰ ২৬৮২.৪৫ কোটি টকাৰ ঠাইত ৩০০০ কোটি টকা দিয়া হৈছে।