NORTHEAST NOW (Assamese)
অসম

উচ্চতৰ মাধ্যমিকৰ ফলাফল : কটনৰ পৰা বিজ্ঞান শাখাত দশম স্থান লাভ উজ্জ্বল জৈনৰ

Posted by: অনিৰ্বাণ পাঠক May 31, 2018 12:23 pm
e3a4abfc-6580-45ce-a055-13608bcc1fa0

আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যখনৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ৰ পৰা উজ্জ্বল জৈনে বিজ্ঞান শাখাত দশম স্থান লাভ কৰিছে। উজ্জ্বলে মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৭১ নম্বৰ লাভ কৰিছে। উজ্জ্বল জৈনৰ ঘৰ তিনিচুকীয়াত।

কটনৰ পৰা এইবাৰ মাত্ৰ এজনেই শীৰ্ষ স্থানপ্ৰাপ্তৰ তালিকাত স্থান লাভ কৰিছে যদিও সামগ্ৰিকভাৱে শিক্ষানুষ্ঠানখনৰ ফলাফল যথেষ্ট ভালেই হৈছে।

কটনৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯৭.৫%। বিজ্ঞান শাখাত প্ৰথম বিভাগত ৪২৬ গৰাকী আৰু দ্বিতীয় বিভাগত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। ইয়াৰে ভিতৰত ২২৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে।

আনহাতে কলা শাখাত শিক্ষানুষ্ঠানখনৰ পৰা কোনো শিক্ষাৰ্থীয়ে শীৰ্ষ স্থানপ্ৰাপ্তৰ প্ৰথম দহটা স্থানৰ তালিকাত স্থান লাভ কৰা নাই যদিও উত্তীৰ্ণৰ হাৰ এশ শতাংশ। প্ৰথম বিভাগত ১৩৯ গৰাকী, দ্বিতীয় বিভাগত ১৮ গৰাকী আৰু ১৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত ৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে।

কটনৰ এই ফলাফলক লৈ কটন বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত শৈক্ষিক পঞ্জীয়ক ড০ মহাদেৱ পাটগিৰিয়ে কয়, ” আমি কেইজনমানে স্থান পোৱাতকৈ সামগ্ৰিক ফলাফলক বেছি গুৰুত্ব দিওঁ। আমাৰ ফলাফল ভাল। আমি স্থানৰ কাৰণে Unhealthy competition নকৰো।‘’

তেওঁ লগতে কয় যে আমাৰ ছাত্ৰ-ছাত্ৰী সমলক উচ্চতৰ মাধ্যমিকত স্থানৰ পাছত লাগি থকাতকৈ প্ৰতিযোগিতামুলক পৰীক্ষা সমুহৰ বাবে সাজু হোৱাটো বিচাৰো। কটনৰ ছাত্ৰ-ছাত্ৰীয়ে সেইটো কৰেও। ইয়াৰ পৰা ওলাই গৈ তেওঁলোক বহু ভাল ভাল ক্ষেত্ৰত নিয়োজিত হয়।

‘’বিশ্ববিদ্যালয় হোৱাৰ পাছত আমি  উচ্চতৰ মাধ্যমিকৰ ওপৰত বেছি focus দিয়াৰ চেষ্টা কৰিছো যাতে উচ্চতৰ মাধ্যমিকৰ ফলাফল ভাল হয়,’’-তেওঁ কয়।