NORTHEAST NOW (Assamese)

উত্তৰ ত্ৰিপুৰা জিলা চিকিৎসালয়ত জন্মগত হৃদৰোগ আৰু ৰুমাটিক হৃদৰোগ শিবিৰ মুকলি

July 27, 2018 3:58 pm · পান্না ঘোষ
Updated: July 27, 2018 10:14 pm

ত্ৰিপুৰাৰ বিধানসভাৰ উপাধ্যক্ষ বিশ্ববন্ধু সেনে ডিষ্ট্ৰিক্ট হস্পিটাল নৰ্থ ত্ৰিপুৰাৰ বহিঃৰোগী বিভাগৰ চৌহদত এটা জন্মগত হৃদৰোগ আৰু ৰুমাটিক হৃদৰোগ (এটা বা ততোধিক হৃদ-কপাট নষ্ট হোৱাৰ ফলত হোৱা অসুখ) শিবিৰ এটাৰ উন্মোচন কৰে। এই শিবিৰটোৰ আয়োজন কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা আঁচনিয়ে।

ন’ডেল অফিচাৰ জয়জিত চক্ৰবৰ্তী আৰু কমিউনিটি অফিচাৰ  সুপ্ৰতীম বীৰৰ সৈতে এই শিবিৰত উপস্থিত আছিল বাংগালোৰৰ বিখ্যাত হৃদ শল্য চিকিৎসক ড০ মুৰালী কৃষ্ণণ।

এই হৃদৰোগ পৰীক্ষা শিবিৰত ১৮ বছৰ পৰ্যন্ত বয়সৰ ব্যক্তিৰ হৃদৰোগ সম্পৰ্কীয় পৰীক্ষা সম্পন্ন কৰা হয়। ত্ৰিপুৰা জিলাৰ উনিকুটি, ধালাই আদি স্থানৰ প্ৰায় ২০০ গৰাকী ৰোগীয়ে এই হৃদৰোগ পৰীক্ষা শিবিৰত যোগদান কৰে।

অতি সংকটজনক হৃদৰোগত ভোগা ৰোগীক উন্নত চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে বাংগালোৰস্থিত মণিপল হস্পিটাললৈ লৈ যোৱা হয়। এনে ধৰণৰ ৰোগীৰ চিকিৎসা ব্যয় বিনামূলীয়াকৈ কৰিবলৈ ত্ৰিপুৰা আৰু মণিপল চৰকাৰে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।

এইজন্মগত হৃদৰোগ আৰু ৰুমাটিক হৃদৰোগ শিবিৰ অসম, মেঘালয়, ছিকিম আৰু মণিপুৰতো অনুস্থিত কৰা হৈছে।

Related News