NORTHEAST NOW (Assamese)

উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বাবে বিজেপিৰ কেন্দ্ৰীয় পৰ্য্যৱেক্ষক নিযুক্তি

March 4, 2018 10:09 pm · এন ই নাও নিউজ

শেহতীয়াকৈ ত্ৰিপুৰা নিৰ্বাচনত জয় লাভেৰে নতুন উদ্যম লাভ কৰা বিজেপিয়ে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বাবে আজি কেন্দ্ৰীয় পৰ্য্যৱেক্ষক নিযুক্তি দিছে।

এই কথা জানিবলৈ দিয়ে দলটোৰ নেতা তথা কেবিনেট মন্ত্ৰী জে পি নন্দাই। নন্দাই কয় যে কেবিনেট মন্ত্ৰী নিতিন গাডকাৰী আৰু জুৱেল অ’ৰমাক ত্ৰিপুৰাৰ কেন্দ্ৰীয় পৰ্য্যৱেক্ষক নিযুক্তি দিয়া হৈছে।

সেইদৰে জে পি নন্দা নিজে আৰু সাধাৰণ সম্পাদক অৰুণ সিং নাগালেণ্ডৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু অলফনছ’ কান্নানথানম মেঘালয়ৰ কেন্দ্ৰীয় পৰ্য্যৱেক্ষক নিযুক্ত হৈছে।

‘বিজেপিৰ সংসদীয় পৰিষদে ত্ৰিপুৰা, নাগালেণ্ড আৰু বিজেপিৰ ভোটাৰসকলক তেওঁলোকৰ বিজেপি, ইয়াৰ মিত্ৰ আৰু বন্ধুত্বসুলভ দলবোৰৰ প্ৰতি দিয়া সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।’ এটা প্ৰেছ বিজ্ঞপ্তিত এইদৰে কয় নন্দাই।

তেওঁ কয় যে ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন আছিল আটাইতকৈ তাৎপৰ্য্যপূৰ্ণ। ৰাজ্যখনৰ নিৰ্বাচনত বিজেপি আৰু আই পি এফ টিয়ে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

তেওঁ কয় যে ত্ৰিপুৰাত হিংসাৰ ৰাজনীতিৰ বিপৰীতে গণতন্ত্ৰৰ শক্তিৰ জয় হ’ল।
তেওঁ কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এৰ চৰকাৰে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ উন্নয়নৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। ‘দলটোৱে নিজকে উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ মানুহৰ সেৱা কৰিবলৈ উৎসৰ্গা কৰিছে, যাৰ বাবে ইয়াৰ ৰাইজে দলটো আৰু মিত্ৰ দলবোৰক জনাদেশ দিছে। এই জনাদেশ শান্তি, সুস্থিৰতা আৰু বিকাশৰ স্বাৰ্থত। ভোটাৰসকলে উত্তৰ-পূবক ৰাষ্ট্ৰীয় বিকাশ কাৰ্য্যসূচীৰ অংশ হিচাপে গ্ৰহণ কৰি ভোট দিছে।’ এইদৰে কয় নন্দাই।

Related News