NORTHEAST NOW (Assamese)

উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ বাৰটা ভাষা সংকটাপন্ন ভাষাৰ তালিকাত : অসমৰ আছে দুটা ভাষা

February 18, 2018 7:29 pm · এন ই নাও নিউজ

কোৱা লোকৰ সংখ্যা তেনেই কম হোৱা বাবে পৃথিৱীৰ পৰা নোহোৱা হোৱাৰ দিশত গতি কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ১২ টাকৈ ভাষা।

ভাৰত চৰকাৰৰ লোকপিয়ল সঞ্চালকালয়ৰ এক প্ৰতিবেদন মতে সংকটাপন্ন ভাষাৰ তালিকাত আছে মেঘালয়ৰ এটা, অসম আৰু অৰুণাচল প্ৰদেশৰ দুটাকৈ আৰু মণিপুৰৰ ৭টা ভাষা।

প্ৰতিবেদনটো অনুসৰি অসমৰ তাই নৰা আৰু তাই ৰং, অৰুণাচল প্ৰদেশৰ ৰা আৰু না, মণিপুৰৰ আইমল, আকা, কৈৰেন, লামগাং, লাংৰং, পুৰুম আৰু তাৰাও আৰু মেঘালয়ৰ ৰুগা ভাষাক সংকটাপন্ন তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

কেন্দ্ৰীয় গৃ্হ বিভাগে ভাৰতৰ ৪০ টা ভাষা অথবা উপভাষাক সংকটাপন্ন বুলি চিনাক্ত কৰিছে।

লোকপিয়ল বিভাগৰ প্ৰতিবেদন মতে ভাৰতত এক লাখ বা তাতকৈ অধিক লোকে কোৱা ২২ টা সূচীকৃত আৰু ১০০ টা অসূচীকৃত ভাষা আছে।

কিন্তু ভাৰতত ৪২ টা এনে ভাষা আছে যাৰ ভাষী ১০ হাজাৰ গৰাকীতকৈ কম। বিভাগীয় সূত্ৰ মতে এই সমূহক সংকটাপন্ন আৰু নোহোৱা হোৱাৰ পিনে গৈ থকা ভাষা বুলি ধৰা হয়।

য়ুনেস্ক’ৱে কৰা এখন তালিকাটো ভাৰতৰ ৪২ টা ভাষা/ উপভাষাক সংকটাপন্ন ভাষাৰূপে উল্লেখ কৰা হৈছে।

মাইচৰৰ চি আই আই এল (Central Institute of Indian Languages, Mysore)এ এখন কেন্দ্ৰীয় আঁচনিৰ অধীনত দেশৰ সংকটাপন্ন ভাষাবোৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কাম কৰি আহিছে।

বিভাগীয় সূত্ৰই জনোৱা মতে এই কাৰ্য্যসূচীৰ অধীনত বৈয়াকৰণিক বৰ্ণনা, এক ভাষী আৰু দ্বিভাষী অভিধান, ভাষা লিপি, লোক কাহিনীৰ সংকলন, সকলো ভাষা বা উপভাষাৰ বিশেষকৈ ১০ হাজাৰতকৈ কম ভাষী থকা ভাষাবোৰৰ বিশ্বকোষ প্ৰণয়ন কৰা হৈছে।

সূচীকৃত ২২ টা ভাষাৰ উপৰি দেশত আছে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে বিভাগীয় ভাষাৰ মৰ্য্যাদা দিয়া ৩১ টা ভাষা।

Related News