NORTHEAST NOW (Assamese)

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ নিৰাপত্তাজনিত পৰিস্থিতি এতিয়া যথেষ্ট ভাল : কেন্দ্ৰীয় গৃহ মন্ত্ৰী

December 29, 2017 9:26 pm · এন ই নাও নিউজ

বাওঁ সন্ত্ৰাসৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যবোৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্য্যালোচনাৰ এখন বৈঠকত আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত নিৰাপত্তাৰ পৰিস্থিতি এতিয়া যথেষ্ট ভাল অৱস্থাত আছে। উল্লেখযোগ্য যে আজি বাওঁ সন্ত্ৰাস (মাওবাদ) জৰ্জৰিত ৰাজ্যকেইখন, জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ-পূবৰ ৰাজ্যকেইখন আৰু কেন্দ্ৰশাসিত অঞ্চলবোৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্য্যালোচনাৰ বাবে এই সভাখন অনুষ্ঠিত কৰা হৈছিল আৰু তাত গৃহ মন্ত্ৰীজনে সভাপতিত্ব কৰিছিল। ‘বাওঁ সন্ত্ৰাসবাদ থকা ৰাজ্যকেইখন আৰু উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ সামগ্ৰিক নিৰাপত্তাজনিত পৰিস্থিতি উন্নত হৈছে।’ তেওঁ কয়।

গৃহ মন্ত্ৰীজনে লগতে কয় যে সমগ্ৰ দেশতে সামগ্ৰিক নিৰাপত্তাৰ পৰিস্থিতি যথেষ্ট উন্নত হৈছে।

তেওঁ কয়, ‘বাওঁ সন্ত্ৰাসবাদজনিত পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে আৰু এইটো সম্ভৱ হৈছে নিৰাপত্তা বাহিনীবোৰৰ কঠোৰ শ্ৰমৰ বাবে আৰু লগতে কেন্দ্ৰ তথা ৰাজ্য উভয়ে লোৱা উন্নয়নমূলক কামৰ বাবে। এতিয়া বিকাশক আগত ৰাখি কাম আগ বাঢ়ি যাব লাগিব।’

বৈঠকত উত্তৰ-পূব, জম্মু আৰু কাশ্মীৰ (বিশেষকৈ লাডাখ অঞ্চল) আৰু লক্ষদ্বীপৰ যোগাযোগৰ দিশত আন্তঃগাঁথনিৰ বিষয়েও আলোচনা কৰা হৈছিল। লগতে জম্মু আৰু কাশ্মীৰৰ শৈক্ষিক আন্তঃগাঁথনিৰ বিষয়েও আলোচনা কৰা হয়।

Related News