NORTHEAST NOW (Assamese)
উত্তৰ-পূব

উত্তৰ পূৱৰ সৈতে বিনিময় কাৰ্যসূচী গ্ৰহণ কৰিব বেংগল ক্ৰিকেট সস্থাই

Posted by: এন ই নাও নিউজ May 5, 2018 12:31 pm
cricket-570x320

ক্ৰিকেট এছোচিয়েশ্যন অব বেংগলৰ সভাপতি আৰু বি চি চি আইৰ টেকনিকেল কমিটীৰ চেয়াৰমেন সৌৰভ গাংগুলীয়ে বৃহস্পতিবাৰে ক্ৰিকেট কণ্ট্ৰোল বৰ্ড অব নৰ্থ-ইষ্টাৰ্ন ষ্টেইটছৰ বিষয়বীয়াসকলৰ সৈতে কলকাতাত এখন বৈঠকত মিলিত হয়।এই বৈঠকত ক্ৰিকেটৰ বিকাশ সাধন কৰা আৰু চি এ বি আৰু উত্তৰ পূৱৰ ৰাজ্যসূহৰ মাজত খেলুৱৈ বিনিময় কৰাৰ বিষয়ত আলোচনা কৰা হয়।

এই বৈঠকখনত যুটীয়াভাৱে সভাপতিত্ব কৰিছিল সৌৰব গাংগুলী আৰু নিউ এৰিয়াজ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ (NADP) চেয়াৰমেন অভিষেক ডালমিয়াই।

ছিকিম ক্ৰিকেট সংস্থাৰ হৈ প্ৰতিনিধিত্ব বৈঠকখনত কৰিছিল ইয়াৰ সভাপতি লবজাং জি টেনজিং আৰু সাধাৰণ সম্পাদক ছোনাম পালডেন ভূটীয়াই।

বৈঠকত গাংগুলীয়ে ক্ৰিকেটৰ সা-সুবিধাৰ পথ মানচিত্ৰ, প্ৰশিক্ষকৰ প্ৰশিক্ষণ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসূহৰ মাজত দীঘলীয়া খেলৰ আয়োজন কৰাৰ ওপৰত জোৰ দিয়ে।

এই বৰ্ষৰ শেষৰ ফালে কলকাতাত অনুষ্ঠিত হ’বলগীয়া টুৰ্নামেণ্টসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে ক্ৰিকেট এছোচিয়েশ্যন অব বেংগলে বিনিময় কাৰ্যসূচী গ্ৰহণ কৰাৰ ওপৰতো জোৰ দিয়ে।

ক্ৰিকেট খেলা উত্তৰ পূৰ্বাঞ্চলৰ ৬খন ৰাজ্যৰ পৰা ৫গৰাকীকৈ মুঠ ৩০ গৰাকী খেলুৱৈক নৰ্বাচন কৰাৰ এটা বিশেষ কাৰ্যসূচীৰ ওপৰতো তেওঁ আলোচনা কৰে।