NORTHEAST NOW (Assamese)
অসম

উদ্যানশস্য কৃষিৰ ৰাজসাহায্যৰ বাবে কৃষকৰ পৰা আবেদনপত্ৰ আহ্বান মাজুলী জিলা কৃষি বিষয়াৰ

Posted by: মিটু খাটনিয়াৰ June 7, 2018 9:23 pm
horticulture1

অসমৰ উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে (directorate of horticulture and food processing) উদ্যান শস্যৰ কৃষি কাৰ্যক উদগনি যোগাবলৈ  কৃষকলৈ ৰাজসাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে।  কেন্দ্ৰীয় চৰকাৰৰ ‘উত্তৰ পুৰ্বাঞ্চল তথা হিমালয়ৰ পাদদেশৰ ৰাজ্যসমুহৰ বাবে উদ্যান শস্যৰ অভিযান’ (Horticulture Mission for North East and Himalayan States) কাৰ্যসূচীৰ অধীনত এই ৰাজসাহায্য আগবঢ়োৱা হ’ব। বহু কেইবিধ উদ্যান শস্যৰ খেতিৰ লগতে উদ্যান শস্যৰ কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় ২০ বিধ উপাদানৰ ক্ষেত্ৰত সঞ্চালকালয়ে ঘোষণা কৰা ৰাজসাহাৰয্য লাভৰ বাবে আবেদন দাখিল কৰিবলৈ মাজুলী জিলাৰ কৃষকসকললৈ আহ্বান জনাইছে মাজুলী জিলা কৃষি বিভাগে ।

জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠকে জনোৱা মতে উদ্যান শস্য আৰু খাদ্য সংসাদন সঞ্চালকালয়ে আগ্ৰহী কৃষক বা কৃষক গোট আৰু ব্যক্তিক অহা ৩০ জুনৰ ভিতৰত   www.hortnet.gov.in  ৱেবছাইটৰ জড়িয়তে  এই ৰাজসাহায্যৰ বাবে আবেদন কৰিবলৈ অনুৰোধ জনাইছে।

উদ্যান শস্যৰ ক্ষুদ্ৰ নাৰ্চাৰী, কাঠফুলা উৎপাদন কেন্দ্ৰ, সেউজ গৃহ, পলী হাউচ, ছাঁ জালিকাগৃহ, মৌ পালন, পাৱাৰ টিলাৰ, স্প্ৰে মেচিন, পেক্ হাউছ, শীতলীকৃত বাহন, ফল পকোৱা কোঠা, প্ৰাথমিক সংসাধন কেন্দ্ৰ, ভ্ৰাম্যমান চাইকেল ঠেলা, খুচুৰা বিক্ৰী কেন্দ্ৰ, ফলমূল সংৰক্ষণ কেন্দ্ৰ আদি স্থাপনৰ ক্ষেত্ৰত ৫০ শতাংশ ৰাজসাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে সঞ্চালকালয়ে ।