NORTHEAST NOW (Assamese)
অসম

উন্নত চিকিৎসাৰ বাবে শান্তিৰামক লাগে আপোনাৰ সহায়

November 17, 2017 12:05 pm

এন ই নিউজ ব্যুৰো, নগাওঁ, ১৭ নৱেম্বৰ : শান্তিৰামৰ জীৱনলৈ হঠাৎ এদিন নামি আহিল অশান্তি। দুখীয়াৰ দুখ কুলাই পাচিয়ে নধৰে। এটি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰাটোৱে হয়তো ভুল হ’ল দিন হাজিৰা কৰি নিজৰ পৰিয়ালক পোহপাল দিয়া শান্তিৰাম কলিতাৰ(৩৫)। সৌ সিদিনালৈকে সকলো ঠিকেই চলি আছিল। কিন্তু হঠাতে শান্তিৰামৰ জীৱনলৈ নামি আহিল এজাক ধুমুহা। কলীয়া ডাৱৰে ছানি ধৰিলে শান্তিৰাম আৰু তেওঁৰ মাকক। বৰ্তমান ৮০ বছৰীয়া ৰুগীয়া মাতৃয়ে পুত্ৰৰ চকুলৈ চায়েই মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে। বৰ্তমান বিছনাখনকে সংগী হিচাপে লোৱা শান্তিৰামক প্ৰয়োজন আপোনাৰ অলপ সহায়ৰ।

শান্তিৰামৰ ভৰিত হোৱা এটা টিউমাৰেই যেন শান্তিৰামৰ জীৱনলৈ অশান্তি নমাই আনিলে। এখন দোকানত কৰ্মচাৰী হিচাপে কাম কৰি মাতৃক পোহপাল দিছিল শান্তিৰামে। বিধিয়ে দিলেও বিধাতাই নিদিয়ে। প্ৰথম অৱস্থাত শান্তিৰামৰ ভৰিখন হঠাৎ ফুলি উঠিছিল। কলংপাৰৰে স্থানীয় কেইজনমান যুৱক তথা স্থানীয় ৰাইজৰ প্ৰচেষ্টাত নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল পুৰণিগুদাম হালুৱাগাঁৱৰ নিবাসী এই দৰিদ্ৰ যুৱকজনক। কিন্তু  টিউমাৰ ধৰা পৰাত চিকিৎসকে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰিলে।

ইতিমধ্যে গাঁৱৰে ৰাইজ আৰু যুৱক কেইজনমানে দৰিদ্ৰ যুৱকজনলৈ কিছু পৰিমাণৰ আৰ্থিক সাহায্য আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয়। অসমৰ বাহিৰত উন্নত চিকিৎসাৰ বাবে নিবলৈ শান্তিৰামক বহু লক্ষাধিক টকাৰ প্ৰয়োজন। শান্তিৰামৰ মাতৃয়ে স্বাস্থ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰ আৰু অসমবাসী ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে। যদি কোনো ইচ্ছুক হৃদয়ৱান লোকে তেওঁক সহায় কৰিব বিচাৰে তেন্তে ৯৪৩৫২৬০৩০১ নম্বৰত যোগাযোগ কৰিব পাৰে।