NORTHEAST NOW (Assamese)
অসম

উমানন্দ বৰা ক্ৰিকেট : ওদালগুৰিক হৰুৱাই চেম্পিয়ন গুৱাহাটী

Posted by: এন ই নাও নিউজ May 22, 2018 7:18 am
Cricket Tournament

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত উমানন্দ বৰা সোঁৱৰণী ১৩ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে গুৱাহাটীয়ে। বৰ্ষাপাৰা ষ্টেডিয়ানত সোমবাৰে অনুষ্ঠিত খিতাপ যুঁজত ওদালগুৰিক সহজে ৯২ ৰাণৰ ব্যৱধানত পৰাভূত কৰি খিতাপৰ অধিকাৰী হয় গুৱাহাটী।

টছত জয়ী হৈ ওদালগুৰিয়ে প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাই গুৱাহাটীক। আমন্ত্ৰণক্ৰমে প্ৰথমে বেটিং কৰিবলৈ বাধ্য হোৱা গুৱাহাটীয়ে ২৫ অভাৰত ৪ টা উইকেট হেৰুৱাই ১৫২ ৰান সংগ্ৰহ কৰে। শ্ৰেয়াস চুৰাণাই ৫৮ টা বলৰ সন্মুখীন হৈ ৫৩ ৰাণৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলাৰ লগতে দীপচান্দ চেত্ৰী আৰু দ্বিৱিজ পাঠকে দললৈ ১৯ ৰাণকৈ অৰিহণা আগবঢ়ায়।

প্ৰতিপক্ষৰ বিতোপন ডেকাই ২০ ৰাণত তিনিটা উইকেট দখল কৰে। প্ৰত্যুত্তৰত বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা ওদালগুৰিয়ে ২০.২ অভাৰত মাত্ৰ ৬০ ৰাণতে ইনিংছ সামৰে। ৰাজন আনন্দে সৰ্বাধিক ১১ ৰাণ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে গুৱাহাটীৰ বিজয়ত মুখ্য ভূমিকা লয় হৰ্ষিত প্ৰতিম দাসে। তেওঁ ৮ ৰাণত দখল কৰে ৪ টা উইকেট। ৰংজ্যোতি খাৰঘৰীয়াই তিনিটা উইকেট দখল কৰে।

মেন অব দ্য মেচৰ সন্মান লাভ কৰে শ্ৰেয়াসে। শৃংখলাৰ শ্ৰেষ্ঠ বিবেচিত হয় শিলচৰৰ অভিষেক দেৱ। বৰপেটাৰ নিশান্ত দাসে শ্ৰেষ্ঠ বেটছমেন গুৱাহাটীৰ ৰংজ্যোতি খাৰঘৰীয়াই শ্ৰেষ্ঠ বলাৰ আৰু দ্বিবিজ পাঠকে অৰ্জন কৰে শ্ৰেষ্ঠ ফিল্ডাৰৰ সন্মান।