NORTHEAST NOW (Assamese)

এইবাৰ ত্ৰিপুৰাত বিজেপি কৰ্মীক গুলীয়াই হত্যা

November 30, 2017 12:56 pm ·

ত্ৰিপুৰাৰ খোৱাই জিলা বগমা মণ্ডল সমিতিৰ অধীনৰ আঠাৰোভোলা ৰাইপাৰা বুথ সমিতিৰ এগৰাকী বিজেপি কৰ্মী গৌহৰ হৰি মলসুমক আজি পুৱাই অচিনাকী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। বিজেপি কৰ্মীগৰাকীক হত্যা কৰাৰ পিছতে ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজেপিয়ে ত্ৰিপুৰাত লাল সন্ত্ৰাস চলা বুলি অভিযোগ উত্থাপন কৰি অহাৰ সময়তে এগৰাকী বিজেপি কৰ্মীৰ হত্যাকাণ্ডই ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

যোৱা ২১ নৱেম্বৰত ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ ২নং বেটলিয়নৰ কমাণ্ডেন্টে মাতি নি সাংবাদিক সুদীপ দত্ত ভৌমিকক গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পূৰ্বে যোৱা ২০ ছেপ্টেম্বৰত আন এগৰাকী সাংবাদিক শান্তনু ভৌমিকক প্ৰতিবাদথলীত এদল উন্মত্ত লোকে মৰিয়াই হত্যা কৰিছিল।

সাংবাদিক হত্যাৰ প্ৰতিবাদত ৰাজ্যিক বিজেপিয়ে ২৩ নৱেম্বৰত ত্ৰিপুৰা বন্ধৰ আহ্বান দিছিল। উক্ত বন্ধৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যখনতে পৰিছিল। বিজেপি কৰ্মীসকলে চৰকাৰী কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু দলীয় পতাকা হাতে হাতে লৈ ৰাজপথ উত্তাল কৰি তুলিছিল। বিজেপিয়ে আইন শৃংখলা ৰক্ষাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ পদত্যাগ দাবী কৰি আহিছে।

এতিয়া নিৰ্বাচনলৈ কিছুদিন থকাৰ মাজতে এটাৰ পিছত এটাকৈ সংঘটিত হত্যাকাণ্ডই ত্ৰিপুৰাৰ পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে।

Related News