NORTHEAST NOW (Assamese)

বন্ধই হৈ যোৱা নাই এক’লেণ্ড!

July 25, 2018 6:08 pm · এন ই নাও নিউজ
Updated: July 25, 2018 11:54 pm

একাংশ সংবাদ মাধ্যমে প্ৰচাৰ চলোৱাৰ দৰে বা ছ’চিয়েল মিডিয়াত বহুজনে কোৱাৰ দৰে এক’লেণ্ড চিৰদিনলৈ বন্ধ হোৱা নাই, বৰঞ্চ অতি সোনকালে পুনৰ মুকলি হ’ব গুৱাহাটীৰ ৰাণীত অৱস্থিত এই আমোদ উদ্যানখন।

‘এক’লেণ্ড বন্ধ কৰাটো আমাৰ উদ্দেশ্য নহয়। আমি উদ্যানখনত থকা আসোঁৱাহসমূহ ঠিক কৰিবৰ বাবে কিছু পৰামৰ্শ আগবঢ়াইছো। সেইখিনি ঠিক কৰি আমাক জনালে আমি আহি উদ্যানখন খুলি দিম,’ এক’লেণ্ডত তলা লগোৱা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰৰ মন্তব্য।

‘অতি সোনকালে আমি প্ৰশাসনে দিয়া পৰামৰ্শ মতে যি ব্যৱস্থা ল’ব লগা আছে লৈ প্ৰশাসনক জনাম। ইতিমধ্যেই আমাৰ কাম আৰম্ভ হৈছে,’ উদ্যানখনৰ দায়িত্বত থকা এগৰাকী কৰ্মচাৰীয়ে জনায়।

উদ্যানখনৰ মেৰামতিৰ কাম ‘যিমান পাৰি সোনকালে’ কৰাৰ কথা প্ৰকাশ কৰি কৰ্মচাৰীজনে লগতে জনাই যে ইতিমধ্যেই নলাসমূহ ছফা কৰাৰ কাম সম্পূৰ্ণ হৈছে।

পৰিদৰ্শনকাৰী অতিৰিক্ত উপায়ুক্তজনে লগতে জনাই যে জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যৰ যাতে হানি নহয় সেইটো লক্ষ্য ৰখাটো জিলা প্ৰশাসনৰ কৰ্তব্য আৰু সেই অনুসৰি সাময়িকভাৱে উদ্যানখন বন্ধ কৰি দিয়া হৈছে।

উদ্যানখন লেতেৰা হোৱাৰ বাবে বিশেষকৈ তাৰ পানীত অতিমাত্ৰা লেতেৰা হোৱাৰ বাবে জিলা প্ৰশাসনে কালি ২৪ জুলাইত উদ্যানখন বন্ধ কৰি দিছিল।

Related News