NORTHEAST NOW (Assamese)

একেটা নিশাতে আমগুৰিত ঘটিল দুটাকৈ দুৰ্ঘটনা : এজন নিহত

February 15, 2018 9:12 pm · ৰাজীৱ দত্ত

বুধবাৰে নিশা আমগুৰিত দুটাকৈ পৃথক দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰে প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় হালোৱটিঙত।

প্ৰাপ্ত তথ্য মতে বুধবাৰে নিশা হালোৱাটিং আৰক্ষী চকীৰ অন্তৰ্গত চুতীয়া বস্তিত এখন জুৱেলাৰী, এখন চাইকেল দোকান আৰু এখন গেলামালৰ দোকান এক বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জুইত জাহ যায়। শ্বৰ্টচাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আমগুৰি আৰু নাজিৰাৰ তিনিখনকৈ অগ্নিনিৰ্বাপক বহিনীৰ গাড়ীয়ে অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

আনহাতে এই অগ্নিকাণ্ডত প্ৰায় ৬ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।

ইফালে শিৱসাগৰ জিলাৰ আমগুৰিৰ ১০ নং ৱাৰ্ডৰ নিবাসী বিজু বৰা (৩৭) নামৰ যুৱকজনৰ বুধবাৰে নিশা আমগুৰি ৰে’লৱে ষ্টেচনত এখন মালবাহী ৰে’লৰ খুন্দাত মৃত্যু হয়।

প্ৰাপ্ত তথ্য মতে বিজুৱে ৰে’ল পথটো অতিক্ৰম কৰিবলৈ লওঁতে দুৰ্ভাগ্যবশত মালবাহী ৰে’লখনে মহতিয়াই নিয়াত বিজুৰ ঘটনাস্থলীতে মৃত্যু হয়। ৰে’ল পথটো অতিক্ৰম কৰিবলৈ লওঁতে বিজুৰ স’তে তেওঁৰ পুত্ৰও ছিল যদিও সৌভাগ্যক্ৰমে শিশুটি দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰে। পিছত আমগুৰি ৰে’লৱে আৰক্ষীয়ে বিজুৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Related News