NORTHEAST NOW (Assamese)

এছএছবিৰ ৩৭ বেটেলিয়নৰ দ্বাৰা বৃহৎ পৰিমাণৰ অবৈধ বিদেশী সুৰা জব্দ

July 26, 2018 6:52 pm ·

চোৰাংভাৱে বিদেশী সুৰা সৰবৰাহ কৰা সকলৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ অভিযানত সফলতা অৰ্জন কৰিছে মঙলদৈৰ এছএছবিৰ ৩৭ বেটেলিয়নৰ সেনাসকলে। এই অভিযানত তেওঁলোকে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ছামৰাঙত এক বিৰাট পৰিমাণৰ বিদেশী সুৰা জব্দ কৰিছে।

শেহতীয়াভাৱে ভূটান আবকাৰী শুল্ক-মুক্ত সুৰা সীমান্ত এলেকাত উভৈনদী হৈ পৰা বাবে এই ঠাইত বাস কৰা লোকসকলৰ মাজত সুৰাপায়ীৰ সংখ্যা আৰু মাত্ৰা বৃদ্দি হৈ পৰিছে। এছএছবিৰ ৩৭ বেটেলিয়নৰ কামাণ্ডেণ্টগৰাকীয়ে কৈছে যে এই অবৈধ সুৰাখিনি সম্পৰ্কে অৱগত হোৱাৰ পাছত ৰাজ্যিক আৱকাৰী বিভাগ আৰু ছামৰাঙৰ সীমান্ত তালাচী চকীত মোতায়েন এছএছবিৰ সেনাই যুটীয়াভাৱে এই সুৰাৰ চালানখিনি জব্দ কৰে।

তেওঁ আৰু কয় যে আৱকাৰী বিষয়াসকলক সহায় কৰাৰ বাবে সুৰা আৰু নিচাৰ ওপৰত এটা সজাগতামূলক অভিযান আৰম্ভ কৰা হ’ব। তেওঁ কয়, ‘‘আমি সীমান্তত বাস কৰা যুৱচামক নিচাৰ কবলত এৰি দিব নোৱাৰোঁ। সুৰা সেৱনৰ পৰা শেহতীয়াভাৱে বহু কেইটা দুৰ্ঘটনা আৰু মৃত্যুৰ ঘটনা সংঘটিত হৈছে।’’

উল্লেখ্য যে ভূটানৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা সুৰাৰ চালানখিনিৰ সৈতে ওদালগুৰিৰ পানেৰি আৰক্ষী থানাৰ অন্তৰ্গত ওৰাংগাজুলিৰ বাসিন্দা ডেভিদ ওৰাং নামৰ ব্যক্তি এগৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে। জব্দ কৰা সুৰাখিনি আবকাৰী বিভাগলৈ হস্তান্তৰিত কৰা হৈছে।

Related News