NORTHEAST NOW (Assamese)
অসম

এছিয়ান গেইমছলৈ টিকট নিশ্চিত আন এগৰাকী অসম কন্যা কবিতা দেৱীৰ

Posted by: এন ই নাও নিউজ July 6, 2018 8:41 am
15941087_1420174757993563_3215094512987614154_n

১৯ আগষ্টৰ পৰা ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেইমছত এইবাৰ অসমৰ সৰ্বাধিক সংখ্যক ক্ৰীড়াবিদে ভাগ ল’ব। ইতিমধ্যে এইপৰ্যন্ত ছয়গৰাকী খেলুৱৈয়ে গেইমছত অংশগ্ৰহণ কৰাটো নিশ্চিত হৈ পৰিছে।

দৌৰবিদ হিমা দাস, আৰ্চাৰ প্ৰমীলা দৈমাৰী, শ্বাটলাৰ অস্মিতা চলিহা, বক্সাৰ শিৱ থাপাৰ পাছত ফেন্সিঙত যোগ্যতা নিশ্চিত কৰিছে ৰাজ্যৰ আন এগৰাকী প্ৰতিভাৱান খেলুৱৈ কবিতা দেৱীয়ে। আৰু এইদৰে অসমৰ খেল জগতৰ ইতিহাসত নজিৰ সৃষ্টি কৰি প্ৰথম বাৰৰ বাবে এছিয়াডত অসমীয়া খেলুৱৈৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি পালে।

উল্লেখ্য যে যোৱা ১৭-২২ জুনত বেংককত অনুষ্ঠিত এছিয়ান ফেন্সিং প্ৰতিযোগিতাত দাঙি ধৰা উন্নতমানৰ প্ৰদৰ্শনৰ বাবে চাৰিজনীয়া ভাৰতীয় মহিলা দলত কবিতাই স্থান লাভ কৰে।

বৰ্তমান ঔৰংগাবাদৰ ছাই ষ্টেডিয়ামত অনুশীলনত ব্যস্ত থকা কবিতাই এছিয়া মহাদেশৰ সৰ্ববৃহৎ প্ৰতিযোগিতাখনত এপি শাখাত ভাগ ল’ব।

ইফালে কবিতাৰ এই সাফল্যত সমগ্ৰ অসমবাসী উৎফুল্লিত হোৱাৰ লগতে অসম ফেন্সিং সন্থাই খেলুৱৈগৰাকীক অভিনন্দন জনাইছে।