NORTHEAST NOW (Assamese)
অসম

এছিয়ান গেইমছৰ দলীয় মিক্সড ৪x৪০০ মিটাৰ দৌৰত অংশ নলয় স্বৰ্ণকন্যা হিমা দাসে

Posted by: এন ই নাও নিউজ July 28, 2018 6:05 pm
Hima_das-570x320

আগন্তুক জাকাৰ্টা এছিয়ান গেইমছত নতুনকৈ অন্তৰ্ভূক্ত কৰা দলীয় মিক্সড শাখাত অংশ নলয় অসমৰ স্প্ৰিণ্টাৰ তথা স্বৰ্ণকন্যা ৰাণী হিমা দাস।

উল্লেখযোগ্য যে হিমা হৈছে ভাৰতৰ দ্ৰুততম কোৱাৰ্টাৰ মিলাৰ (quarter-miler)। হিমাই গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক প্ৰতিযোগিতাত ৪০০ মিটাৰত ৫১.১৩ ছেকেণ্ড সময়ৰে স্বৰ্ণ পদক আজুৰি অনাৰ পাছতে এই ৰেক’ৰ্ডৰ অধিকাৰী হৈছিল।

ইফালে ফিনলেণ্ডৰ টেম্পেৰিত সদ্য সমাপ্ত বিশ্ব জুনিয়ৰ এথলেটিকছত ৪০০ মিটাৰ দৌৰত ৫১.৪৬ ছেকেণ্ডেৰে স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰা হিমা দাসে জাকাৰ্টা এছিয়ান গেইমছত ২০০ মিটাৰ আৰু ৪০০ মিটাৰ ব্যক্তিগত শাখাত অধিক মনোযোগ দিয়াৰ স্বাৰ্থত দলীয় মিক্সড ৪x৪০০ মিটাৰ দৌৰত অংশ নোলোৱাৰ এই সিদ্ধান্ত লৈছে।

প্ৰতিযোগিতাখনত দৌৰ ইভেণ্টৰ সময়সূচীৰ ব্যাপক খেলিমেলি হোৱা বুলি জানিব পৰা গৈছে। সেয়ে হিমাই মিক্সড দৌৰত নিজৰ নাম প্ৰত্যাহাৰ কৰে।

আনহাতে ৰাষ্ট্ৰীয় প্ৰশিক্ষক বসন্ত সিঙে হিমা সন্দৰ্ভত কয় যে এগৰাকী এথলীটৰ বাবে সকলোবোৰ শাখাত অংশগ্ৰহণ কৰাটো বহু কঠিন। সেয়ে হিমাই মিক্সড শাখাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে।