NORTHEAST NOW (Assamese)

এন আৰ চিৰ খচৰাক প্ৰকাশৰ মুহূৰ্ততে নস্যাৎ; দেশৰ গৃহ মন্ত্ৰীৰ কাষলৈ মমতা!

July 30, 2018 8:31 pm · এন ই নাও নিউজ
Updated: July 30, 2018 11:21 pm

সৰ্বসন্মত অসম চুক্তিৰ আধাৰত, চুক্তি স্বাক্ষৰিত হোৱাৰ ৩২ বছৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাক অসমত বিভিন্নজনে আদৰণি জনোৱাৰ বিপৰীতে প্ৰকাশৰ মুহূৰ্ততে খচৰাখনক কাৰ্য্যতঃ নস্যাৎ কৰিছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে।

এন আৰ চিয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি দাবী কৰি শীঘ্ৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক লগ কৰিব বুলিও ঘোষণা কৰিছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘গৃ্হ মন্ত্ৰীক ক’বলৈ মই নিজেই দিল্লীলৈ যাম,’ চূড়ান্ত খচৰা প্ৰকাশৰ মুহূৰ্ততে কলকাতাত সংবাদমেল পাতি ঘোষণা মমতাৰ।

এন আৰ চি কৰ্তৃপক্ষ, ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ আৰু অসমৰ সকলো দল-সংগঠনে খচৰাত নাম নহাসকলে পুনৰ আবেদন কৰিব পাৰিব আৰু তেওঁলোকক কোনোধৰণৰ অসুবিধাত পৰিবলৈ নহ’ব বুলি বাৰম্বাৰ আশ্বাস দি অহাৰ বিপৰীতে এইসকল লোকক সুৰক্ষা দিয়াৰ বাবে সংসদত আইন প্ৰণয়নৰো দাবী তুলিছে বেনাৰ্জীয়ে।

মমতা বেনাৰ্জীৰ সংবাদমেলৰ ‘Quint’এ প্ৰচাৰ কৰা ভিডিঅ’ চাওক

https://www.facebook.com/quintillion/videos/1169725563194630/

‘মানৱতাৰ খাতিৰত বিধেয়ক উত্থাপন কৰক…এইসকল লোকক বচাওক। এইসকল লোকক বচোৱাৰ বাবে সংসদে আইন প্ৰণয়ন কৰিব পাৰে,’ ‘জুইৰ খেলা নেখেলিবলৈ’ সকীয়াই গৃ্হ মন্ত্ৰীক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান মমতাৰ।

পুনৰ আবেদনৰ ব্যৱস্থা থকা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত বেনাৰ্জীয়ে পুনৰ আবেদন কৰিলে ৪০ লাখৰ ভিতৰত কিমান জনে নাম অন্তৰ্ভুক্তিৰ সুযোগ পাব বুলিহে নিৰাশা ব্যক্ত কৰে।

সংখ্যালঘুকে ধৰি খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা বা ভুলকৈ নাম সোমোৱা লোকসকলে প্ৰকাশিত এন আৰ চিক লৈ অসমত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে থকাৰ বিপৰীতে এন আৰ চি হিন্দু-মুছলমান নিৰ্বিশেষে বাঙালী খেদাৰ ষড়যন্ত্ৰ বুলিও দাবী কৰি নাগৰিক পঞ্জীৰ মূল উদ্দেশ্যকে বিকৃত ৰূপত দাঙি ধৰিছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে।

এন আৰ চিৰ পৰা ‘উপাধি চাই মানুহক বাদ দিয়া হৈছে’ বুলিও দাবী কৰিছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে।

‘এইটো এটা গে’ম প্লেন।…বাঙালী খেদাও অভিযান চলাব খোজা হৈছে। মানুহ আৰু মানৱতাক বলপূৰ্বক উচ্ছেদৰ ব্যৱস্থা কৰা হৈছে,’ অভিযোগ মমতাৰ।

পৰিস্থিতিৰ বুজ ল’বলৈ অসমলৈ অতি শীঘ্ৰে তৃণমূলৰ সাংসদৰ দলক পঠিউৱাৰ কথাও ঘোষণা কৰিছে বেনাৰ্জীয়ে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এন আৰ চিৰ চূড়ান্ত খচৰাত নাম নহাসকলক কোনো অসুবিধা কৰা নহ’ব বুলি দিয়া আশ্বাস সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্য মন্ত্ৰীগৰাকীয়ে ওলোটাই কিয় তেনেহ’লে কেন্দ্ৰই কেন্দ্ৰীয় অসামৰিক বাহিনীৰ ১৫টাকৈ কোম্পানি অসমলৈ পঠাইছে বুলি প্ৰশ্ন কৰে।

উৎস: Quint

Related News