NORTHEAST NOW (Assamese)
অসম

এন আৰ চিক লৈ ‘মমতা’ৰ ৰাজনীতি : আজি অসমত উপস্থিত হ’ব তৃণমূলৰ প্ৰতিনিধি দল

Posted by: এন ই নাও নিউজ August 2, 2018 1:37 pm
Mamata-678x381

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতে প্ৰায়ভাগ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, একাংশ ৰাজনৈতিক দল আৰু নেতা বিশেষকৈ পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমৰ ৪০ লাখ লোকক অন্যায়ভাৱে ‘বিদেশী’ সজাব খোজা বুলি হুলস্থুল লগোৱাৰ সময়তে আজি অসমৰ পৰিস্থিতিৰ বুজ ল’বলৈ অসমত উপস্থিত হ’ব তৃণমূল কংগ্ৰেছৰ ৮ জনীয়া প্ৰতিনিধিৰ এটা দল।

মমতাৰ নিৰ্দেশতে এন আৰ চিৰ বিৰোধীতাৰে অসমলৈ আহিবলগীয়া ৮ জনীয়া প্ৰতিনিধি দলটো প্ৰথমে শিলচৰত উপস্থিত হ’ব। প্ৰতিনিধি দলটোৱে শিলচৰৰ বিভিন্ন দল-সংগঠন আৰু ব্যক্তিৰে আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে তৃণমূলৰ প্ৰতিনিধি দলটো শিলচৰত উপস্থিত হোৱাৰ পাছত কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে প্ৰশাসনে শিলচৰত ১৪৪ ধাৰা জাৰি কৰিছে।

জানিব পৰা মতে ৮ জনীয়া প্ৰতিনিধি দলটোৱে আজি শিলচৰত বিভিন্ন দল-সংগঠনৰ লগত মিলিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ পাছত শুকুৰবাৰ অৰ্থাৎ কাইলৈ দলটো গুৱাহাটীলৈ আহিব।

উল্লেখ্য যে অসম অশান্ত কৰাৰ উদ্দেশ্যেই আজি তৃণমূল কংগ্রেছৰ ৮জনকৈ সাংসদ অসম ভ্রমণলৈ আহিব বুলি আশংকা ব্যক্ত কৰিছে খোদ অসম আৰক্ষীয়ে৷

অসমলৈ আহিবলগীয়া সাংসদ কেইজনৰ মনোভাব অত্যন্ত নেতিবাচক বুলি অসম আৰক্ষীয়ে তথ্য লাভ কৰা বুলি অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই প্রকাশ কৰে। অসম আৰক্ষীয়ে সাংসদকেইজনৰ সম্পূৰ্ণ গতি-বিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব বুলিও জানিবলৈ দিয়ে৷

আনহাতে, তেওঁলোকৰ অসম ভ্রমণৰ বিৰোধিতা কৰি ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত মমতা বেনাৰ্জীৰ ওপৰত এজাহাৰ দিয়াৰ লগতে কেইবাটাও দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰিছে।