NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ চূড়ান্ত খচৰা : আজি কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

Posted by: এন ই নাও নিউজ July 23, 2018 12:29 pm
এন আৰ চি

অহা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ পাছত সৃষ্টি হ’ব পৰা কেতবোৰ আইনগত সমস্যাৰ লগতে আনুষংগিক বিষয় আলোচনাৰ বাবে আজি জনতা ভৱনত অনুষ্ঠিত হ’ব গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশলৈ আৰু মাত্র এসপ্তাহ বাকী থকা অৱস্থাত আজিৰ এই কেবিনেট বৈঠকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

জানিব পৰা মতে এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ পাছত উদ্ভৱ হ’ব পৰা আইনগত দিশবোৰৰ বিষয়ত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্রহণ কৰিব সেই বিষয়ে  কেবিনেটত আলোচনা হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশৰ পূর্বে আজি অনুষ্ঠিত হ’বলগীয়া কেবিনেটত খচৰাত নাম বাদ পৰাসকলৰ ক্ষেত্রত কেনে পদক্ষেপ গ্রহণ কৰা হ’ব সেই বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে যোৱা ১ জুনত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এখন গুৰুত্বপূর্ণ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকতে অগপৰ তিনিজন মন্ত্রীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুকলি বিৰোধিতা কৰিছিল।

আনহাতে, ৰাজ্য চৰকাৰে এন আৰ চি উন্নীতকৰণ বিষয়টো চোৱাচিতা কৰা সম্পর্কত মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত এখন কেবিনেট উপসমিতি গঠন কৰিছিল। এই কেবিনেট উপ সমিতিৰ সদস্যসকল হ’ল মন্ত্রী অতুল বৰা, পৰিমল শুক্লবৈদ্য আৰু ৰঞ্জিত দত্ত। এই উপ সমিতিৰ কেইবাখনো বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে।

এন আৰ চিৰ খচৰা প্রকাশৰ পাছত চৰকাৰে সন্মুখীন হ’ব পৰা দিশবোৰৰ ক্ষেত্রত ৰাজ্য চৰকাৰে কি পদক্ষেপ ল’ব, সেই বিষয়ে ইতিমধ্যে কেবিনেট উপ-সমিতিয়ে প্রাৰম্ভিকভাৱে সিদ্ধান্ত গ্রহণ কৰিছে।

উল্লেখযোগ্য যে ৩০ জুলাইত প্রকাশ হ’ব লগীয়া চূড়ান্ত খচৰাত যিসকল লোকৰ নাম বাদ পৰিব তেওঁলোকে পুনৰ তথ্যপাতিৰে নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাব পাৰিব। এই আবেদনৰ বাবে তেওঁলোকে ৪ মাহ সময় লাভ কৰিব। আজি এন আৰ চি সম্পৰ্কীয় এই সকলোবোৰ বিষয় কেবিনেট বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে।