NORTHEAST NOW (Assamese)
Uncategorized

এন আৰ চিৰ প্ৰথম খচৰাত নাম নাই বহুকেইজন নেতা-সাংসদ-বিধায়কৰ

Posted by: এন ই নাও নিউজ January 1, 2018 2:17 pm

এন আৰ চি খচৰা প্ৰকাশ হোৱাৰ ২৪ ঘণ্টা পাৰ নৌ হওঁতেই ব্যাপক চৰ্চা লাভ কৰিছে প্ৰথম খচৰাৰ প্ৰসংগই। যদিও চৰকাৰে এই খচৰাত নাম নাথাকিলেও শংকিত নহ’বলৈ আহ্বান জনাইছে, গাৱঁৰ সাধাৰণ লোক বাদেই, শিক্ষিত লোকৰ মাজতো এন আৰ চিৰ তথ্যই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে। জানিব পৰা মতে একেটা পৰিয়ালৰে একাংশ সদস্যৰ নাম থকাৰ বিপৰীতে আন একাংশৰ নথকাটোৱে বহুতকে আচৰিত কৰিছে।

আনহাতে এক সূত্ৰই জনোৱা মতে অসমৰ বহুকেইটা ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ নেতাৰো নাম প্ৰথমখন খচৰাত অন্তৰ্ভুক্ত হোৱা নাই। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ পৰিয়ালৰো এজন সদস্যৰ নাম নথকাটো ইতিমধ্যে নিশ্চিত হৈছে। তাৰ লগতে নাম নাই বুলি জানিব পৰা গৈছে সাংসদ বদৰুদ্দিন আজমলৰ ৷ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে’, অভয়াপুৰী দক্ষিণ সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালো, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ নামো এন আৰ চিৰ প্ৰথম খচৰাত অন্তৰ্ভুক্ত হোৱা নাই বুলিহে খবৰ আহিছে

আনহাতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(আমছু)ৰ সভাপতি আজিজুৰ ৰহমান আৰু সাধাৰণ সম্পাদকদ্বয় ক্ৰমে ৰেজাউল কৰিম সৰকাৰ আৰু আইনুদ্দিন আহমেদৰ নামো প্ৰথমটো খচৰাত অন্তৰ্ভুক্ত হোৱা নাই বুলি খবৰ পোৱা গৈছে।