NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ সৌজন্যত সৰভোগত ৫০ বছৰৰ পিছত মিলন এটা পৰিয়ালৰ

Posted by: এন ই নাও নিউজ April 5, 2018 1:36 pm
এন আৰ চি

বৰপেটা জিলাৰ সৰভোগ চহৰৰ বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদৰ ভিতৰত থকা এন আৰ চিৰ কাৰ্যালয়ত বুধবাৰে এক আনন্দমুখৰ পৰিৱেশৰ সষ্টি হয়।

বৰাকৰ কাছাৰ জিলাৰ লক্ষীচৰা গাওঁৰ জয়ধন ৰাজৱংশী (৬০) নামৰ ব্যক্তিগৰাকীয়ে  ঘৰৰ সদস্যৰ লগত মতানৈক্য ঘটি ঘৰৰ পৰা গুছি আহিছিল।

পৰৱৰ্তী সময়ত ৰাজ্যৰ বিভিন্ন ঠাইত কামকাজ কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল। অৱশেষত জয়ধনে পাঠশালাৰ নলীগাঁৱত নিজৰ পত্নী আৰু একমাত্ৰ কন্যাক লৈ নিগাজিকৈ থাকিবলৈ লৈছিল।

safe_image

ঘৰৰ পৰা গুছি অহাৰ পিছৰে পৰা পৰিয়ালৰ কোনো সদস্যৰ লগত জয়ধনৰ কোনো যোগাযোগ নাছিল।

বুধবাৰে  এন আৰ চিৰ বংশ বৃক্ষৰ পৰীক্ষণৰ কাৰণে সৰভোগৰ বৰনগৰ ৰাজহ চক্ৰৰ চৌহদৰ ভিতৰত থকা এনআৰচিৰ কেন্দ্ৰত জয়ধন উপস্থিত হৈছিল।

ইয়াতেই ৫০বছৰ পিছত জয়ধনৰ মিলন ঘটে তেওঁৰ ভাতৃৰ ল’ৰা কালালেশ্বৰ ৰাজৱংশী(৩০) আৰু নাতী ল’ৰা সুজিত কুমাৰ ৰাজৱংশীৰ(২৫) সৈতে।

সুদীৰ্ঘ ৫০ বছৰৰ পিছত নিজৰ পৰিয়ালৰ লোকৰ লগত মিলিত হৈ জয়ধন ৰাজবংশী আনন্দত আত্মহাৰা হৈ পৰে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৌজন্যত পৰিচয় সূত্ৰ হেৰাই যাব খোজা এটা পৰিয়ালৰ মাজলৈ ঘুৰি আহিল নতুন জীৱন।