NORTHEAST NOW (Assamese)
অসম

এন আৰ চি: অসমৰ বাঙালীয়ে আপত্তি কৰা নাই; মমতা ক’বলৈ কোন, প্ৰশ্ন আপৰ

Posted by: অনিৰ্বাণ পাঠক August 2, 2018 9:13 pm
aap on mamata and nrc in assam

এন আৰ চিক লৈ অসমৰ বাঙালীয়ে আপত্তি নকৰাৰ পিছতো দেশজুৰি অপপ্ৰচাৰ কৰা পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক এইবাৰ উভটি ধৰিছে আম আদমি পাৰ্তিয়ে।

‘এন আৰ চিক লৈ অসমৰ বাঙালীয়ে কোনো আপত্তি কৰা নাই, তেনেস্থলত মমতা বেনাৰ্জীয়ে আপত্তি কৰাৰ কোনো অধিকাৰ নাই। যদি অসমৰ বাঙালীয়ে আপত্তি দৰ্শালেহেঁতেন, তেতিয়া কথা সুকীয়া আছিল,’ মমতা ‘ক’বলৈ কোন’ বুলি প্ৰশ্ন কৰি আজি ২ জুলাইত মন্তব্য আম আদমি পাৰ্টিৰ অসমৰ সমন্বয়ক ড০ ভবেন চৌধুৰীয়ে।

বেনাৰ্জীৰ যদি সঁচাকৈয়ে বাঙালী-প্ৰীতি আছে, তেন্তে তেওঁক অসমৰ পৰা পৰীক্ষণৰ বাবে পশ্চিম বঙ্গলৈ পঠোৱা নথি-পত্ৰসমূহ সোনকালে পঠিয়াবলৈ পৰামৰ্শ দিছে আপে।

‘এন আৰ চিৰ কামত বিধি-পথালি দিয়াতকৈ মমতা বেনাৰ্জীৰ সঁচাকৈয়ে যদি বাঙালী-প্ৰীতি আছে, তেওঁ অসমৰ পৰা পৰীক্ষণৰ বাবে পশ্চিম বঙ্গলৈ পঠোৱা এক লক্ষাধিক নথিৰ তথ্য সোনকালে পঠিয়াওক,’ আপৰ আহ্বান।

মমতা বেনাৰ্জীয়ে ‘ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা চলোৱা’ বুলিও আম আদমি পাৰ্টিৰ নেতাজনে মন্তব্য কৰে।

এন আৰ চি সন্দৰ্ভত আম আদমি পাৰ্টিৰ সাংসদে বিৰূপ মন্তব্য কৰা বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰি তেওঁ কয় ‘এজনো বিদেশীৰ নাম এন আৰ চিত সন্নিবিষ্ট হ’ব নালাগে আৰু এজনো ভাৰতীয়ৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব নালাগে।’

আনহাতে এন আৰ চিৰ কৃতিত্ব কোনো ৰাজনৈতিক দলে ল’ব নোৱাৰে বুলিও মন্তব্য কৰে চৌধুৰীয়ে। ‘যোৱা ২৯ জুলাইত মুখ্য মন্ত্ৰীৰ সৰ্বদলীয় বৈঠকত এই কৃতিত্ব কেৱল উচ্চতম ন্যায়ালয়কহে দিয়া হৈছে,’ মন্তব্য চৌধুৰীৰ।

চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱাৰ পাছত চিনাক্ত হোৱা বিদেশীৰ জীৱিকা নিৰ্বাহৰ সুবিধা ভাৰতেই প্ৰদান কৰিব লাগিব বুলিও চৌধুৰীয়ে মত প্ৰকাশ কৰে। ‘সেইসকল লোকক আন কোনো দেশে গ্ৰহণ কৰিব বুলি নাভাবো। গতিকে ভাৰতেই ইয়াৰ ব্যৱস্থা কৰিব লাগিব,’ নেতাজনৰ মত।

ইপিনে এন আৰ চিৰ ভিত্তি বছৰ ১৯৫১ চনহে হ’ব লাগে বুলি দাবী কৰাসকলে এন আৰ চিত বাধা দিব খুজিছে বুলি ড০ চৌধুৰীয়ে মত প্ৰকাশ কৰে। ‘এন আৰ চি প্ৰক্ৰিয়াত বিধি-পথালি দিব বিচৰাসকলেহে এই দাবী কৰি আছে,’ ‘এয়া সম্পূৰ্ণ উচ্চতম ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰ কৰিব’ বুলি উল্লেখ কৰি চৌধুৰীৰ মন্তব্য।