NORTHEAST NOW (Assamese)
অসম

এন আৰ চি কেন্দ্ৰত এইবাৰ মহিলাক অশ্লীল প্ৰস্তাৱ; আটক বিষয়া

Posted by: এন ই নাও নিউজ May 24, 2018 5:57 pm
এন আৰ চি

এন আৰ চিৰ নথি-পত্ৰ পৰীক্ষণৰ পূৰ্ণ গতিত চলি থকাৰ সময়তে ধুবুৰী জিলাত এইবাৰ সংঘটিত হৈছে এগৰাকী মহিলাক এন আৰ চিৰ নথি-পত্ৰ পৰীক্ষণৰ নামত অশ্লীল প্ৰস্তাৱ দিয়াৰ ঘটনা।

প্ৰাপ্ত তথ্য মতে ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাসিন্দা আকবৰ আলীৰ পুত্ৰ মফিদুল ইছলাম তথা চাপগড় হাইস্কুলৰ সহকাৰী শিক্ষক বৰ্তমান এন আৰ চিৰ বিষয়া হিচাপে নিয়োজিত হৈ আছে।

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ অমিনেৰ চৰৰ এগৰাকী মহিলাই এন আৰ চিৰ নথি-পত্ৰ পৰীক্ষণৰ বাবে জাননী লাভ কৰে। ফলত মহিলা গৰাকী গৌৰীপুৰৰ পাব্লিক লাইব্ৰেৰীৰ এনএছকে কেন্দ্ৰ অৰ্থাৎ এন আৰ চিৰ সেৱা কেন্দ্ৰত নথি-পত্ৰ পৰীক্ষণৰ বাবে উপস্থিত হয়। কিন্তু মহিলা গৰাকী উপস্থিত হোৱাৰ লগে লগে শিক্ষকগৰাকী তথা এন আৰ চিৰ বিষয়া গৰাকীয়ে মহিলাগৰাকীক এন আৰ চিৰ পৰীক্ষণৰ নামত অশ্লীল প্ৰস্তাৱ দিয়ে।

মহিলা গৰাকীয়ে উত্থাপিত কৰা অভিযোগ অনুসৰি নথি-পত্ৰত সন্নিবিষ্ট কৰা মোবাইল নম্বৰ সংগ্ৰহ কৰি শিক্ষক গৰাকীয়ে মহিলা গৰাকীক কেইবাদিন ধৰি অশ্লীল প্ৰস্তাৱ দি আহিছিল।

তাৰোপৰি শিক্ষক গৰাকীয়ে ফোনযোগে মহিলা গৰাকীৰ লগত যোগাযোগ কৰি এন আৰ চিৰ কথা কৈ আজি ধুবুৰী চহৰৰ নিউঘাটলৈ মাতি আনি মহিলা গৰাকীক বলপূৰ্বক ভাৱে এখন অটোত উঠাই লৈ যাবলৈ চেষ্টা কৰে।

ফলত এই ঘটনাক কেন্দ্ৰ কৰি নিউঘাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু ৰাইজে শিক্ষক গৰাকীক আটক কৰি উত্তম-মধ্যম সোধাই আৰক্ষীক চমজাই দিয়ে।

লগতে মহিলা গৰাকীয়ে শিক্ষক তথা এন আৰ চিৰ বিষয়াজনৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত ধুবুৰী আৰক্ষীয়ে এন আৰ চিৰ বিষয়া গৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি লম্পট শিক্ষক গৰাকী তথা এন আৰ চিৰ বিষয়া গৰাকীক আটক কৰে।