NORTHEAST NOW (Assamese)

এন আৰ চি : বিদেশী ঘোষিত লোকৰ আত্মীয়ৰো বাট বন্ধ; উচ্চ ন্যায়ালয়ে বাহাল ৰাখিলে প্ৰতীক হাজেলাৰ নিৰ্দেশ

June 22, 2018 11:34 pm · এন ই নাও নিউজ
Updated: June 22, 2018 11:37 pm

বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষিত কৰা লোকৰ আত্মীয়ৰ নামো অন্তৰ্ভুক্ত নহ’ব এন আৰ চিত। এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দিয়া এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই তৰা এক গোচৰৰ শুনানিত আজি ২২ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে হাজেলাৰ নিৰ্দেশত কোনো ত্ৰুটি নাই বুলি ৰায় দিয়ে।

ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ৰুমী কুমাৰী ফুকনৰ বিচাৰপীঠে দিয়া এই ৰায়ৰ ফলত বিদেশী বুলি ঘোষিত লোকৰ আত্মীয়ৰ নাম এন আৰ চিত সোমোৱাৰ পথ ৰুদ্ধ হ’ল।

হাজেলাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই আজিজুল হক নামৰ এজন ব্যক্তিয়ে তৰা লেখ আবেদনৰ (নং ৩৪৩২/২০১৮) কালি ২১ জুনত হোৱা শুনানিত কেন্দ্ৰীয় চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষকে ধৰি মুঠ ৫টা পক্ষক পদকীয়া কৰিছিল।

গোচৰটোত আবেদনকাৰী আজিজুল হকৰ হৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মেহমুদ পাছা আৰু এন আৰ চি কৰ্তৃপক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্তই যুক্তি প্ৰদৰ্শন কৰিছিল।

উল্লেখযোগ্য যে প্ৰতীক হাজেলাৰ নিৰ্দেশটোক লৈ পূৰ্বে কংগ্ৰেছ দলেও আপত্তি কৰিছিল।

Related News