NORTHEAST NOW (Assamese)

এফ বি বি ফেমিনা মিছ ইণ্ডিয়া অসম ২০১৮ৰ খিতাপ গুৱাহাটীৰ সুনেইনা কামাঠৰ

March 12, 2018 5:00 pm · এন ই নাও নিউজ

দেওবাৰে গুৱাহাটীত অনুষ্ঠিত এফ বি বি ফেমিনা মিছ ইণ্ডিয়াৰ অডিশ্যনত গুৱাহাটীৰ সুনেইনা কামাঠে এফ বি বি ফেমিনা মিছ ইণ্ডিয়া অসম ২০১৮ৰ খিতাপ অৰ্জন কৰে।

ইয়াৰ যোগে তেওঁ মিছ ইণ্ডিয়া ২০১৮ৰ শীৰ্ষ ৩০ লৈ পোনপটীয়াভাৱে নিৰ্বাচিত হৈছে।

উত্তৰ-পূবৰ গোটেইকেইখন ৰাজ্যৰ বাবেই অডিশ্যনসমূহ অনুষ্ঠিত হৈছিল।

মেৰী খিৰিয়েমে মিছ ইণ্ডিয়া মেঘালয় খিতাপ অৰ্জন কৰে। আনহাতে, লিলি ডাৰনেইয়ে মিছ ইণ্ডিয়া মিজোৰাম, নিম্ৰিট ক’ৰে মিছ ইণ্ডিয়া মণিপুৰ, ৰুঅপফুঝানো ৱিছোয়ে মিছ ইণ্ডিয়া নাগালেণ্ড, প্ৰমিলা ছেত্ৰীয়ে মিছ ইণ্ডিয়া ছিকিম আৰু অ’ছিন মোছুয়ে মিছ ইণ্ডিয়া অৰুণাচলৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

অডিশ্যনসমূহ গুৱাহাটীৰ ভঙাগড়স্থিত বিগ বাজাৰ চৌহদত অনুষ্ঠিত হৈছিল।

Related News