NORTHEAST NOW (Assamese)
অসম

এল জি বি আই বিমানবন্দৰৰ নতুন টাৰ্মিনেল বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় মন্ত্ৰী গজপথি ৰাজুৱে

Posted by: এন ই নাও নিউজ January 27, 2018 7:38 am
LGBI-airport-678x381

কেন্দ্ৰীয় অসামৰিক পৰিবহন বিভাগৰ মন্ত্ৰী পি অশোক গজপথি ৰাজুৱে দেওবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেল বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰিব।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ১,২৩২ কোটি টকা ব্যয় সাপেক্ষ নতুন টাৰ্মিনেল বিল্ডিঙটোৰ আধাৰশিলা কেন্দ্ৰীয় অসামৰিক পৰিবহন মন্ত্ৰীগৰাকীয়ে স্থাপন কৰিব।

এলজিবিআই বিমানবন্দৰৰ এগৰাকী বিষয়াই কয় যে নতুন বিল্ডিঙটো ৯০,০০০ বৰ্গ মিটাৰ এলেকা সামৰি ল’ব। ইয়াত যাত্ৰীৰ বাবে বিশ্বমানৰ সা-সুবিধাসমূহ থাকিব আৰু ৩,১০০ যাত্ৰীক একেসময়তে সুবিধা আগবঢ়াব পৰা যাব।

‘’বিল্ডিঙটোৰ ভিতৰৰ কাৰুকাৰ্যত স্থানীয় হস্তশিল্প, দেৱাল চিত্ৰ আৰু ৰাজ্যখনৰ জনপ্ৰিয় পৰ্যটন কেন্দ্ৰসমূহৰ প্ৰদৰ্শন থাকিব,’’-বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

পুৰণি ১৬,৮০০ বৰ্গ মিটাৰ সামৰি থকা বিল্ডিঙটোৰ অৱস্থা ক্ৰমাৎ বেয়া হৈ অহাৰ বাবে এটা নতুন টাৰ্মিনেল বিল্ডিং সজোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বছৰি ৩.৫ নিযুত যাত্ৰীক সুবিধা আগবঢ়াব পৰা সক্ষমতা থকা এই বিল্ডিঙটোৱে ২০১৬-১৭ বৰ্ষত ৩৬ শতাংশ অধিক ৩.৮ নিযুত যাত্ৰীক সুবিধা আগবঢ়াইছিল।

বিমানবন্দৰটোৱে বৰ্তমান দেশীয় আৰু আন্তৰ্জাতিক দুয়োটাকে সামৰি সপ্তাহত ৭৯৬ খন বিমানৰ চলাচল নিয়ন্ত্ৰন কৰি আছে।

বিষয়াগৰাকীয়ে কয় যে নতুন টাৰ্মিনেলটোত ৬৪ টা চেক্ ইন কাউন্টাৰ, ২০ টা চেল্‌ফ চেক্ কিয়স্ক, ৮ টা ইমিগ্ৰেশ্যন কাউন্টাৰ, ২০ টা বিমান পাৰ্কিঙকেধৰি বিভিন্ন সুবিধা থাকিব।

কেন্দ্ৰীয় অসামৰিক পৰিবহন মন্ত্ৰালয়ে অলপতে বিমানবন্দৰটোৰ প্ৰসাৰণৰ বাবে ১,১৪২ কোটি টকা ধাৰ্য কৰিছিল।